বেংগালুৰু, ২৪ নৱেম্বৰ: জনপ্ৰিয় পাঞ্জাবী গায়ক দিলজিৎ দোছাঞ্জৰ আগন্তুক বেংগালুৰুৰ সংগীতানুষ্ঠানক লৈ তীব্ৰ নিৰাপত্তাজনিত উদ্বেগৰ সৃষ্টি হৈছে। অনুষ্ঠানস্থলীত আইইডি বিস্ফোৰণ ঘটোৱাৰ ভাবুকি দি আৰক্ষীলৈ এটা ভাবুকিপূৰ্ণ ই-মেইল প্ৰেৰণ কৰা হৈছে। ই-মেইলটোত ‘খালিস্তান জিন্দাবাদ’ শ্লোগানৰ উল্লেখ থকা বুলি জানিব পৰা গৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ধৰৱাড়ৰ আৰক্ষী আয়ুক্তলৈ এই ভাবুকিপূৰ্ণ ই-মেইলটো প্ৰেৰণ কৰা হৈছে। অহা ২৯ নৱেম্বৰত বেংগালুৰুৰ মাদাৱাৰাৰ নাইচ ৰোডৰ কাষৰ এখন খেলপথাৰত দিলজিৎ দোছাঞ্জৰ এই সংগীতানুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা। সেই অনুষ্ঠানস্থলীতে বিস্ফোৰণ সংঘটিত কৰাৰ ভাবুকি দিয়া হৈছে।
উক্ত ই-মেইলটোত অনুষ্ঠানলৈ আহিবলগীয়া দৰ্শকসকলকো সতৰ্কবাণী দিয়া হৈছে। অনুষ্ঠানলৈ শিশুক লগত নানিবলৈ, আইফোনলৈ অহা ফোনকলৰ উত্তৰ নিদিবলৈ আৰু মেট্ৰ’ৰে যাত্ৰা কৰাৰ পৰা বিৰত থাকিবলৈ তাত উল্লেখ কৰা হৈছে।
ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰাৰ পিছতে আৰক্ষী সষ্টম হৈ পৰিছে যদিও এতিয়ালৈকে ২৯ নৱেম্বৰৰ সংগীতানুষ্ঠানৰ কাৰ্যসূচী সলনি বা বাতিল কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
দিলজিৎ দোছাঞ্জৰ সংগীতানুষ্ঠানত এনে ভাবুকি দিয়াৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে ইন্দোৰৰ অনুষ্ঠানৰ পূৰ্বেও বোমা বিস্ফোৰণৰ ভাবুকি দি মেয়ৰৰ কাৰ্যালয়, তিনিটা বেংক আৰু তিনিখন ব্যক্তিগত বিদ্যালয়লৈ ই-মেইল প্ৰেৰণ কৰা হৈছিল। অৱশ্যে আৰক্ষীৰ প্ৰাথমিক তদন্তত সেই ভাবুকিসমূহ ভুৱা বুলি সন্দেহ কৰা হৈছিল।
ইন্দোৰৰ মঞ্চৰ পৰাই দিলজিৎ দোছাঞ্জে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তেওঁ ৰাহত ইন্দোৰীৰ কবিতাৰ পংক্তি আওৰাই ভাৰতৰ মাটিত সকলোৰে অৱদান আছে বুলি মন্তব্য কৰিছিল আৰু দেশখন কাৰো ব্যক্তিগত সম্পত্তি নহয় বুলি উল্লেখ কৰিছিল। অনুষ্ঠান পৰিৱেশনত বাধা দিয়াৰ চেষ্টা কৰা সত্ত্বেও তেওঁ পিছহুঁহকি যোৱা নাছিল বুলি জনাইছিল।
সম্প্ৰতি বেংগালুৰুৰ অনুষ্ঠানক লৈ প্ৰেৰণ কৰা এই নতুন ভাবুকিৰ উৎস আৰু সত্যতা নিৰ্ণয়ৰ বাবে আৰক্ষীয়ে তদন্ত চলাই আছে।