সনাতন ধৰ্মৰ প্ৰতি বাহিৰতকৈ ভিতৰৰ পৰাহে বিপদ বেছি বুলি মন্তব্য কৰিছে যোগগুৰু ৰামদেৱে। মঙলবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে অৰ্ধশিক্ষিত আৰু আধৰুৱা জ্ঞান থকা একাংশ লোকে সনাতন সংস্কৃতিৰ নামত সমাজত বিভাজন আনিছে।
ৰামদেৱে স্পষ্টকৈ কয় যে সনাতন ধৰ্মৰ নাম লৈ সমাজত বিদ্বেষ আৰু উত্তেজনা বিয়পোৱা তথাকথিত একাংশ কথাকাৰ আৰু প্ৰবক্তাক তেওঁ সকীয়নি দিছে। দেৱ-দেৱী বা ভূত-প্ৰেতৰ নামত ধৰ্মীয়, সামাজিক আৰু ৰাজনৈতিক ভণ্ডামি চলোৱা লোকসকলৰ পৰা সনাতন ধৰ্মক মুক্ত কৰি ৰখাৰ প্ৰয়োজন বুলিও তেওঁ কয়।
তেওঁ কয় যে এখন হাতত মালা আৰু আনখন হাতত লাঠি লৈ উগ্ৰ হিন্দু বা সনাতনী সজাৰ অৰ্থ আনৰ প্ৰতি ঘৃণা বা বৈষম্য বিয়পোৱা নহয়। সনাতন ধৰ্মত জাতি, বৰ্ণ বা সম্প্ৰদায়ৰ ভিত্তিত কোনো ভেদাভেদ নাই বুলিও তেওঁ সোঁৱৰাই দিয়ে।
সনাতন ধৰ্ম কাৰো একচেটিয়া সম্পত্তি নহয় বুলি উল্লেখ কৰি ৰামদেৱে কয় যে কোনো কথাকাৰ বা বিশেষ ব্যক্তি ইয়াৰ ঠিকাদাৰ হ'ব নোৱাৰে। সনাতন কোনো ব্যক্তিকেন্দ্ৰিক ব্যৱস্থা নহয়, ই চিৰন্তন সত্য আৰু চৰিত্ৰৰ সাধনা। সনাতন বিপদত পৰা বুলি মিছা ভয় দেখুৱাই যিসকলে আড়ম্বৰ আৰু ভণ্ডামি কৰে, সেই কাৰ্য অসাংবিধানিক আৰু অবৈদিক বুলি তেওঁ মন্তব্য কৰে।