ত্ৰিপুৰাৰ দক্ষিণ জিলাত দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত এগৰাকী মহিলাৰ মৃত্যু হৈছে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জনোৱা মতে, যোৱা ৯ নৱেম্বৰত দুজন লোকে মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এই ঘটনাৰ পিছদিনা অৰ্থাৎ ১০ নৱেম্বৰত মহিলাগৰাকীয়ে নিজৰ দেহত জুই লগাই দিয়ে। গুৰুতৰভাৱে অগ্নিদগ্ধ মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে আগৰতলাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাত চিকিৎসাধীন অৱস্থাতে দেওবাৰে মহিলাগৰাকীৰ মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা মতে, ১৪ নৱেম্বৰত এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছিল। গোচৰ ৰুজু হোৱাৰ পিছতে তদন্ত চলাই এজন সন্দেহযুক্ত অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ঘটনাটো সন্দৰ্ভত চিপিআই(এম)-ৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে তীব্ৰ গৰিহণা প্ৰকাশ কৰিছে। তেওঁ ঘটনাৰ সৈতে জড়িত সকলো অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহতো ত্ৰিপুৰাৰ গোমতী জিলাৰ এখন গাঁৱত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ আৰু চাৰিজন নাবালকক আটক কৰিছিল আৰক্ষীয়ে। সম্প্ৰতি শেহতীয়া ঘটনাটোৰ তদন্ত অব্যাহত আছে।