ডিব্ৰুগড়ৰ সামাজিক- সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পেলাই আজি দুপৰীয়া পৰলোকপ্ৰাপ্তি ঘটিছে বিশিষ্ট সাংস্কৃতিক- সামাজিক সংগঠক, জ্যেষ্ঠ শিল্পী তথা দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্য্যবাহী চন্দন পাঠকৰ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে চন্দন পাঠকে। মৃত্যুৰ পূৰ্বৰ নিশালৈকে এখন ধাৰাবাহিকৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল তেওঁ। এগৰাকী কৰ্মোদ্যমী, নিষ্ঠাৱান আৰু সুদক্ষ সংগঠক পাঠক সামাজিক, সাংস্কৃতিক আৰু সাংবাদিকতাৰ প্ৰতিটো ক্ষেত্ৰতে নিজৰ কৰ্মদক্ষতা আৰু সৃষ্টিশীল অৱদানৰ জৰিয়তে সুকীয়া পৰিচয় গঢ়ি তুলিছিল।ডিব্ৰুগড়ৰ কেবাটাও সামাজিক সাংস্কৃতিক অনুষ্ঠানৰে লগত জড়িত পাঠক শিল্পী সমাজৰ সভাপতি, ডিব্ৰুগড় শ্ৰুতি শিল্পী সমাজৰ সাধাৰণ সম্পাদক আৰু মঞ্চৰূপাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল। যিকোনো অনুষ্ঠান নিয়াৰিকৈ আৰু দায়িত্বসহকাৰে পৰিচালনা কৰাৰ বিশেষ দক্ষতা আছিল তেওঁৰ। শদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁৰ কৰ্মৰাজি আৰু সাংস্কৃতিক অৱদানৰ এক সুকীয়া পৰিচয় আছিল।
সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি আৰু আদৰ্শ নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা পদক্ষেপ আছিল উল্লেখনীয়। পাঠকে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মক সাংস্কৃতিক চেতনাৰে উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰিছিল ।জ্যেষ্ঠসকলক যথোচিত সন্মান আৰু নতুন প্ৰজন্মক উৎসাহিত কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰতো তেওঁৰ আছিল বিশেষ মানসিকতা। তেওঁৰ এই কৰ্মস্পৃহা আৰু সাংগঠনিক দক্ষতা সদায় স্মৰণীয় হৈ ৰ’ব।
চন্দন পাঠকৰ আকস্মিক বিয়োগত শোক প্ৰকাশ কৰি প্ৰসিদ্ধ সংগীতজ্ঞ প্ৰশান্ত বৰদলৈয়ে কয় যে তেওঁ আছিল সামাজিক-সাংস্কৃতিক জগতৰ এক উজ্জ্বল ব্যক্তিত্ব। তেওঁৰ অনুপস্থিতিয়ে ডিব্ৰুগড়ৰ সাংস্কৃতিক জগতখন ম্লান কৰিব।ডিব্ৰুগড় অনাতাঁৰ আৰু দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া লোহিত ডেকাই চন্দন পাঠকৰ মানৱীয় গুণ,সংগীতৰ প্ৰতি থকা অনুৰাগ আৰু নিঃস্বাৰ্থ সেৱাৰ কথা স্মৰণ কৰি গভীৰ শোক প্ৰকাশ কৰে।
মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত বাসগৃহত শিল্পী, সাহিত্যিক, সাংবাদিককে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল সমবেত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বিভিন্ন দল-সংগঠন আৰু গুণমুগ্ধসকলেও তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।চন্দন পাঠকৰ বিয়োগ কেৱল ডিব্ৰুগড়ৰে নহয়, অসমৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবেও এক অপূৰণীয় ক্ষতি।
১৯৬৮ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা চন্দন পাঠক ডিব্ৰুগড়ৰ ডনবস্ক' পৰা মেট্ৰিক, তাৰ পিছত যোৰহাটৰ প্ৰিন্স অৱ ৱেলছত অভিযন্তাৰ পাঠ্যক্ৰম আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ বি এ ডিগ্ৰী লৈ পৰৱৰ্তী সময়ত দূৰদৰ্শনত চাকৰি কৰে আৰু দূৰদৰ্শন কেন্দ্ৰত মাত্ৰ দুটা বছৰ পাছত অৱসৰ গ্ৰহণ কৰিবলগীয়া আছিল।
তেওঁৰ আকস্মিক বিয়োগত ডিব্ৰুগড়ৰ সাংস্কৃতিক, সামাজিক আৰু সাংবাদিক মহলত গভীৰ শোকৰ সৃষ্টি হৈছে।
মৃত্যুৰ সময়ত পত্নী বন্দনা পাঠক, দুগৰাকী কন্যা কৃষ্ণাংগী পাঠক আৰু কৃষ্ণালী পাঠকৰ লগতে পৰিয়ালৰ অনেক আত্মীয়- গুণমুগ্ধক ইহ সংসাৰত এৰি যায়।