ডিব্ৰুগড়ৰ পশ্চিম প্ৰান্তত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী কলি আই থানৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত আন এক পদক্ষেপ। ভক্ত আৰু পৰ্যটকৰ সুবিধাৰ্থে প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত থানখনত নিৰ্মাণ কৰা হ’ব অতিথিগৃহ। অসম পৰ্যটন উন্নয়ন নিগমৰ ২৫ লাখ টকাৰ আৰ্থিক অনুদানেৰে নিৰ্মাণ হ’বলগীয়া অতিথিগৃহটোৰ আধাৰশিলা স্থাপন কৰে নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। ডিব্ৰুগড়ৰ ঐতিহাসিক শ্ৰীশ্ৰী কলি আই থানত অতিথিগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ বিশেষ উদ্যোগত নিগমৰ তৰফৰ পৰা আগবঢ়োৱা ২৫ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰা হ’ব অতিথিগৃহটো। প্ৰতিবছৰে অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে থানখনত। বিশেষকৈ জানুৱাৰী মাহত লাখ লাখ ভক্তৰ আগমনৰ সময়ত থকা-খোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় ভক্তসকল। অতিথিগৃহটো নিৰ্মাণ সম্পূৰ্ণ হ’লে ভক্ত আৰু পৰ্যটকসকল যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। কেৱল ধৰ্মীয় পৰম্পৰাই নহয়, লোক-সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰি আহিছে থান পৰিচালনা সমিতিয়ে। থান প্ৰাংগণত নিয়মীয়াকৈ আইনাম আৰু দিহানামৰ চৰ্চা অব্যাহত ৰখাৰ লগতে ঐতিহ্য সংৰক্ষণৰ বাবেও গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপ।আধাৰশিলা স্থাপন অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক চক্ৰধৰ গগৈ, থান পৰিচালনা সমিতিৰ সভাপতি ভীমকান্ত সন্দিকৈ, কাৰ্যকৰী সভাপতি সোণাৰাম গগৈকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী কলি আই থানৰ উন্নয়নৰ বাবে ২৫ লাখৰ অনুদান পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
এই খবৰটো আন ভাষাত: English · हिन्दी · বাংলা
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।