স্বাধীনতাৰ পাছৰে পৰা খোৱাপানী সমস্যাত ভোগী থকা ডিগবৈ চহৰ বাসীক সকাহ দিয়াৰ উদ্দেশ্যৰে বিজেপিৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৪১ কোটি ৬৮ লাখ ৮০ হাজাৰ টকাৰ ডিগবৈ পানী যোগান প্ৰকল্পটো পলমকৈ হলেও পুনৰ ক্ষীপ্ৰ গতিত নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। বিশুদ্ধ খোৱাপানী লাভ কৰাৰ সপোন এতিয়া বাস্তৱায়িত হোৱাৰ পথত। অসম নগৰ পানীযোগান আৰু নল নৰ্দমা বৰ্ডৰ অধীনত ডিগবৈত সমগ্ৰ চহৰবাসীক খোৱা পানী যোগান ধৰিবলৈ চহৰখনৰ কালিবাৰী হাউচিং এৰিয়াত এই পানীযোগান প্ৰকল্পটো ২০২১ চনৰ ২ অক্টোবৰত আধাৰশিলা কৰিছিল সেইসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী, ডিব্ৰুগড়ৰ সাংসদ তথা বৰ্তমান ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক সুৰেন ফুকনে। আধাৰশিলা কৰাৰ পাছতেই কিছুদিন নিৰ্মাণৰ কাম চলিছিল যদিও হঠাতে ঠিকাদাৰে ৰহস্যজনক ভাৱে কাম বন্ধ কৰি দিলে। বহুদিন ধৰি বন্ধ হৈ থকা প্ৰকল্পটো পুনৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি থকাৰ সময়তে আজি বিধায়ক সুৰেন ফুকনে ডিগবৈ পৌৰসভাৰ চেয়াৰমেন সুদীপ দত্ত চৌধুৰী, উপ পৌৰপতি ডিম্পী সোণোৱাল সৈতে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। প্ৰকল্প পৰিদৰ্শন কালত বিধায়ক ফুকনে কয় যে, উক্ত পানী যোগান প্ৰকল্পটো সম্পূৰ্ণ হলে ডিগবৈবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰণ হব। ডিগবৈ কালীবাৰী হাউচিং এৰিয়া আৰু ডিগবৈ মুলীয়াবাৰীত নিৰ্মিয়মাণ পানী যোগান প্ৰকল্পটোৰ জড়িয়তে ৩.৩৯ মিলিয়ন লাখ লিটাৰ বিশুদ্ধ পানী ডিগবৈবাসীয়ে লাভ কৰিব। ডিগবৈ পৌৰসভাৰ চৌহদত স্থাপিত টেংকত ৯ লাখ লিটাৰ আৰু কালীবাৰী হাউচিং এলেকাত নিৰ্মিয়মাণ টেংকত ৫.৫ লাখ লিটাৰ পানী সংৰক্ষণ থাকিব। পে- ৱাটাৰ পদ্ধতিৰে নগৰবাসীক পানী যোগান ধৰা হব বুলি বিধায়ক গৰাকীয়ে জানিব দিয়ে। উল্লেখ্য যে তৈল নগৰীৰূপে খ্যাত ডিগবৈ চহৰখনৰ পানীত তেলজাত পদাৰ্থ পোৱা যায় বাবে স্বাধীনতাৰ পাছৰ পৰা খোৱা পানী বিচাৰি আজিলৈকে স্থানীয় বাসিন্দাই হাহাকাৰ কৰি আছে। ডিগবৈ কাষৰ নাজিৰাটিঙ ডিব্ৰুনৈৰ পৰা পানী সংগ্ৰহ কৰি ডিগবৈ শোধনাগাৰে বিভিন্ন ঠাইত পানী টেপৰ জৰিয়তে চহৰখনত দিনটোত এবাৰ পানী যোগান ধৰে যদিও ই এপাচি শাকত এটা জালুক সদৃশ হৈ পৰিছে। গতিকে ডিগবৈ বাসীৰ বাবে জ্বলন্ত মূল সমস্যাৰূপে পৰিগণিত খোৱা পানী সমস্যাৰ স্থায়ী সমাধান হলে ডিগবৈবাসীৰ এক দীৰ্ঘদিনীয়া সপোন বাস্তৱ হব।
ডিগবৈত নিৰ্মিয়মান ৪২ কোটি টকীয়া পানী যোগান প্ৰকল্প পৰিদৰ্শন বিধায়ক সুৰেন ফুকনৰ
📍 ডিগবৈ · তিনিচুকীয়া
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
এই খবৰটো আন ভাষাত: English · हिन्दी · বাংলা
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।