দুলীয়াজান, ২৮ নৱেম্বৰ: দুলীয়াজানৰ ভূঞা পৰিয়ালৰ তিনিজন লোকৰ হত্যাকাণ্ডৰ অভিযুক্ত আমিৰ দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁৰ পিতৃ অজেন দাসে। পুত্ৰই অপৰাধ সংঘটিত কৰা বুলি প্ৰমাণিত হ’লে তেওঁ শাস্তি পোৱা উচিত বুলি স্পষ্ট কৰি দিছে পিতৃয়ে। আনকি আদালতে কঠোৰতম শাস্তি বিহিলেও তেওঁলোকৰ কোনো আপত্তি নাথাকিব বুলিও তেওঁ জনায়।

অৱশ্যে আৰক্ষীৰ গুলীচালনাত পুত্ৰ আহত হোৱা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে অজেন দাসে। তেওঁ কয় যে আমিৰে ভুল কাম কৰিছে যদিও এনেদৰে কোনো লোকক গুলীয়াই হত্যা কৰা উচিত নহয়। পুত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বাবে আইনে যি শাস্তি নিৰ্ধাৰণ কৰে, সেয়া মানি ল’বলৈ পৰিয়ালটো সাজু বুলি তেওঁ প্ৰকাশ কৰে।

অজেন দাসে জনোৱা মতে, কামলৈ ওলাই যোৱাৰ কথা কৈয়েই আমিৰ ঘৰৰ পৰা গৈছিল। তাৰ পিছত পুত্ৰ ক’ত আছিল, সেই বিষয়ে পৰিয়ালৰ লোকসকল অৱগত নাছিল। আৰক্ষীৰ অভিযান আৰু গুলীচালনাৰ ঘটনাৰ বিষয়েও পৰিয়ালে আগতীয়াকৈ কোনো খবৰ পোৱা নাছিল। ঘটনাৰ দিনা পুৱা এজন ব্যক্তিয়ে দিয়া খবৰৰ পিছতহে পৰিয়ালটোৱে সমগ্ৰ ঘটনাটো জানিব পাৰে।

পিতৃয়ে লগতে উল্লেখ কৰে যে তেওঁলোকৰ পৰিয়ালৰ কোনো লোকেই স্মাৰ্টফোন ব্যৱহাৰ নকৰে। যাৰ বাবে পুত্ৰৰ সৈতে জড়িত ঘটনাৰ শেহতীয়া কোনো তথ্য বা বাতৰি তেওঁলোকে পোৱা নাছিল।

দুলীয়াজানৰ তিনিজন লোকক হত্যা কৰা ঘটনাৰ তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে অস্ত্ৰ উদ্ধাৰৰ অভিযান চলোৱাৰ সময়ত অভিযুক্ত আমিৰ দাস আৰক্ষীৰ গুলীত আহত হয়। এই ঘটনাৰ পিছতে অভিযুক্তৰ পিতৃৰ মন্তব্যই তীব্ৰ চৰ্চা লাভ কৰিছে। অৱশ্যে আমিৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ আদালতত প্ৰমাণিত হোৱাটো এতিয়াও বাকী আছে।