গুৱাহাটী: গুৱাহাটীৰ কামাখ্যা ৰে'ল ষ্টেচনত ৰে'ল আৰক্ষীয়ে (জিআৰপি) এক অভিযান চলাই বৃহৎ পৰিমাণৰ জাল নোট জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক দুজনৰ পৰা মুঠ ১ লাখ ৪৭ হাজাৰ টকাৰ জাল নোট উদ্ধাৰ কৰা হয়।

কামাখ্যা জিআৰপিৰ পৰিদৰ্শক যাদৱ চেতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰে'ল ষ্টেচনত এই অভিযান চলাইছিল। অভিযানকালত ১ লাখ ৪৭ হাজাৰ টকাৰ জাল নোটখিনি জব্দ কৰা হয়।

গ্ৰেপ্তাৰ হোৱা লোক দুজনক ৰাকেশ কুমাৰ আৰু ৰোহিত কুমাৰ বুলি চিনাক্ত কৰা হৈছে। দুয়োজনেই বিহাৰৰ বাসিন্দা। প্ৰাথমিক তথ্য অনুসৰি, অভিযুক্ত দুজনে বিহাৰৰ পৰা ৫০ হাজাৰ টকাৰ বিনিময়ত এই জাল নোটখিনি সংগ্ৰহ কৰি অসমলৈ আনিছিল বুলি সন্দেহ কৰা হৈছে।

অভিযুক্ত দুজনে অসমত এই জাল নোটসমূহ প্ৰচলন কৰাৰ উদ্দেশ্যে আনিছিল নে আন কোনো ঠাইলৈ নিয়াৰ পৰিকল্পনা কৰিছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। জাল নোটসমূহ কিদৰে অসমলৈ অনা হৈছিল আৰু ইয়াৰ প্ৰকৃত গন্তব্য ক'ত আছিল, সেই বিষয়ে আৰক্ষীয়ে অনুসন্ধান চলাইছে।

ইয়াৰ উপৰি জাল নোটৰ মূল উৎস, যোগান ব্যৱস্থা আৰু এই চক্ৰৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো ৰে'ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।