গুৱাহাটী, ২৬ নৱেম্বৰ:
অসমত অনিৰ্দিষ্টকালীন চকাবন্ধ: ৰাজ্যজুৰি দেখাগৈছে চকাবন্ধৰ মিশ্ৰিত প্ৰভাৱ । স্তব্ধ বাণিজ্যিক পৰিবহণ, দুৰ্ভোগত যাত্ৰী।
সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকাবন্ধৰ ফলত বৃহস্পতিবাৰে পুৱাৰে পৰা গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাণিজ্যিক পৰিবহণ ব্যৱস্থা ব্যাহত হৈ পৰিছে। পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ ফলত চিটি বাছ, মেজিক, অটোৰিক্সা আৰু দূৰণিবটীয়া যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ নাইবা সীমিত হৈ পৰাত সাধাৰণ যাত্ৰীসকল তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে।
পুৱা ৬ বজাৰ পৰা সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকাবন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিলক্ষিত হৈছে। বাণিজ্যিক বাহনত স্পীড লিমিটিং ডিভাইচ (SLD) আৰু ভেহিকল লোকেশ্যন ট্ৰেকিং ডিভাইচ (VLTD) সংস্থাপনৰ ব্যৱস্থা সুনিয়ন্ত্ৰিত কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
চকাবন্ধৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত বাণিজ্যিক বাহনৰ চলাচল ব্যাহত হোৱাৰ বিপৰীতে ঠায়ে ঠায়ে ইয়াৰ প্ৰভাৱ মিশ্ৰিত ৰূপত দেখা গৈছে।
খানাপাৰা, আই এছ বি টি, পল্টন বজাৰ, গণেশগুৰি আৰু জালুকবাৰীকে ধৰি গুৱাহাটীৰ বিভিন্ন স্থানত বাহন নোপোৱাত যাত্ৰীসকলে দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হয়। কাৰ্যালয়ৰ কৰ্মচাৰী, শিক্ষাৰ্থী আৰু পৰ্যটকসকল বিশেষভাৱে সমস্যাত পৰিছে। কাজিৰঙালৈ যোৱাৰ উদ্দেশ্যে আগতীয়াকৈ বাছ বুকিং কৰা বহু পৰ্যটকৰ যাত্ৰাও অনিশ্চিত হৈ পৰিছে।
কিয় আহ্বান জনোৱা হৈছে চকাবন্ধ?
পৰিবহণ বিভাগে বাণিজ্যিক বাহনৰ ওপৰত জৰিমনা বিহা আৰু স্পীড লিমিটিং ডিভাইচ (এছ এল ডি) তথা ভেহিকল লোকেশ্যন ট্ৰেকিং ডিভাইচ (ভি এল টি ডি) সংস্থাপনৰ ক্ষেত্ৰত থকা বিসংগতিৰ প্ৰতিবাদত সন্থাই এই চকাবন্ধৰ আহ্বান জনায়। সন্থাৰ দাবী অনুসৰি, এছ এল ডি আৰু ভি এল টি ডি সংস্থাপনৰ একচেটিয়া ব্যৱস্থা দূৰ কৰিব লাগে।
ইয়াৰ উপৰি জিলাই জিলাই বাহনৰ ফিটনেছ পৰীক্ষণ কেন্দ্ৰ স্থাপন, বাণিজ্যিক বাহনৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা, আৰক্ষী আৰু পৰিবহণ বিভাগৰ জৰিমনাৰ নামত হাৰাশাস্তি বন্ধ কৰা, পৰিবহণ শ্ৰমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা আৰু যাত্ৰীৰ ভাড়া বৃদ্ধিৰ দাবী উত্থাপন কৰা হৈছে। চৰকাৰক ২৫ নৱেম্বৰলৈ সময়সীমা দিয়া হৈছিল যদিও কোনো সমাধান নোলোৱাত সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰে।
চৰকাৰৰ সৈতে আলোচনা
চকাবন্ধ প্ৰত্যাহাৰ আৰু সমস্যাসমূহৰ সমাধানৰ বাবে ২৬ নৱেম্বৰৰ দুপৰীয়া ১ বজাত পৰিবহণ বিভাগৰ আয়ুক্ত সচিব আকাশ দীপৰ সৈতে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা। সন্থাৰ সাধাৰণ সম্পাদক ধন দত্তই পূৰ্বে জনাইছিল যে কেৱল মৌখিক আশ্বাস নহয়, দাবীসমূহৰ স্থায়ী সমাধান বিচাৰে সংগঠনটোৱে। বৈঠকৰ ফলাফলৰ ওপৰত ভিত্তি কৰিয়েই চকাবন্ধৰ ভৱিষ্যৎ নিৰ্ধাৰণ হ'ব।
ইয়াৰ পূৰ্বে ১৯ নৱেম্বৰত আন কেইবাটাও শ্ৰমিক আৰু মালিক সংগঠনে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া চকাবন্ধ পৰিবহণ বিভাগৰ সৈতে হোৱা আলোচনাৰ পিছত এমাহৰ বাবে স্থগিত ৰখা হৈছিল।
বিকল্প যাতায়াতৰ ব্যৱস্থা
চকাবন্ধৰ মাজতো মহানগৰীত কিছু বিকল্প যাতায়াত সেৱা চলি আছে। সীমিত ৰূপত এ এছ টি চি আৰু সেউজ বাছ চলাচল কৰিছে। ইয়াৰ উপৰি উবেৰ, ওলা আৰু ৰেপিড'ৰ দৰে এপ-ভিত্তিক বাহন আংশিকভাৱে চলিছে যদিও চাহিদা বৃদ্ধিৰ বাবে ভাড়া বেছি হোৱা বুলি যাত্ৰীসকলে অভিযোগ কৰিছে। একেদৰে গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলৰ মাজত স্থানীয় ৰে'ল আৰু উত্তৰ গুৱাহাটীৰ সৈতে ফেৰী সেৱাও উপলব্ধ আছে।