তিনিচুকীয়া, ২৬ নৱেম্বৰঃ ৰাজ্যজুৰি আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন চকা বন্ধৰ প্ৰভাৱ তিনিচুকীয়াতো স্পষ্টভাৱে পৰিছে। বৃহস্পতিবাৰে পুৱাৰে পৰা চহৰখনৰ ৰাজপথত যান-বাহনৰ চলাচল যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। সাধাৰণ দিনৰ তুলনাত ৰাজপথত বাহনৰ সংখ্যা অতি কম হোৱাৰ ফলত চহৰখনৰ যাতায়াত ব্যৱস্থাত বন্ধৰ প্ৰভাৱ দেখা গৈছে। সদৌ অসম মটৰ পৰিবহণ সন্থাৰ আহ্বানত আৰু ৰাজ্যৰ বিভিন্ন বেচৰকাৰী পৰিবহণ সংগঠনৰ সহযোগত বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা এই অনিৰ্দিষ্টকালীন চকা বন্ধ আৰম্ভ হৈছে। পৰিবহণ খণ্ডৰ সৈতে জড়িত সংগঠনসমূহে চৰকাৰৰ কেইবাটাও নীতি আৰু সিদ্ধান্তৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰিছে।সংগঠনসমূহৰ অভিযোগ অনুসৰি, পথ সুৰক্ষাৰ নামত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা, বিশেষকৈ SLD আৰু VLTD সঁজুলি বাধ্যতামূলক কৰা, লগতে পৰিবহণ খণ্ডত কাৰ্যকৰী কৰা নতুন নিয়মসমূহে বাহনৰ মালিক আৰু পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক সমস্যাত পেলাইছে।
পৰিবহণ সংগঠনসমূহে SLD আৰু VLTD সঁজুলি সংস্থাপনৰ বাধ্যবাধকতা বন্ধ কৰা, ডিজিটেল ফিটনেছ কেন্দ্ৰৰ ব্যৱস্থাৰ সংস্কাৰ, বাহনৰ মালিকসকলৰ ওপৰত আৰোপ কৰা কৰ আৰু জৰিমনাৰ ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দাবী জনাইছে। ইয়াৰ উপৰি ডিজেল আৰু পেট্ৰ’লৰ মূল্য হ্ৰাস, টোল গেটৰ মাচুল কৰ্তন আৰু অবৈধ টোল গেটসমূহ তৎকালীনভাৱে বন্ধ কৰাৰো দাবী উত্থাপন কৰিছে। সংগঠনসমূহে চৰকাৰক দাবীসমূহ বিবেচনা কৰাৰ বাবে ২৫ নৱেম্বৰলৈ সময়সীমা বান্ধি দিছিল। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত দাবীসমূহ পূৰণ নোহোৱাত ২৬ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন চকা বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বন্ধলৈ অল ইণ্ডিয়া ৰোড ট্ৰেন্সপ’ৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেচন, অসম বাণিজ্যিক সমিতি আৰু মটৰ পৰিবহণ সেৱা কৰ্মচাৰী সন্মিলিত মঞ্চকে ধৰি বিভিন্ন পৰিবহণ সংগঠনে সমৰ্থন আগবঢ়াইছে।
বৰ্তমান তিনিচুকীয়াত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে যদিও এই কাৰ্যসূচী কিমান দিনলৈ অব্যাহত থাকিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। চৰকাৰে পৰিবহণ সংগঠনসমূহৰ দাবীৰ প্ৰতি কি পদক্ষেপ গ্ৰহণ কৰে, তাৰ ওপৰত পৰৱৰ্তী পৰিস্থিতি নিৰ্ভৰ কৰিব।