গুৱাহাটী, ২৬ নৱেম্বৰ: ৰাজ্যৰ জনস্বাস্থ্যৰ ক্ষেত্ৰত এক উদ্বেগজনক ছবি পোহৰলৈ আনিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) শেহতীয়া এক ৰাষ্ট্ৰীয় সমীক্ষাই। এই সমীক্ষা অনুসৰি অসমত ২০ৰ পৰা ৫৯ বছৰ বয়সৰ কৰ্মক্ষম প্ৰায় আধা সংখ্যক, অৰ্থাৎ ৪৬.৮ শতাংশ পুৰুষেই ৰক্তহীনতাত আক্ৰান্ত। সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় গড় ২২ শতাংশৰ তুলনাত এই হাৰ দুগুণতকৈও অধিক। কেৱল কৰ্মক্ষম পুৰুষেই নহয়, ৰাজ্যখনৰ প্ৰাপ্তবয়স্ক মহিলা, কিশোৰ-কিশোৰী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ মাজতো ৰক্তহীনতাৰ হাৰ যথেষ্ট বেছি।
‘ছাৰ্ভে ফৰ এছেছমেণ্ট অৱ মাৰ্কাৰ্ছ অৱ পপুলেচন হেল্থ, এক্টিভিটি, ডায়েট এণ্ড এনথ্ৰ’পমেট্ৰী’ চমুকৈ সম্পদা শীৰ্ষক এই সমীক্ষাটো ২০২৩ৰ পৰা ২০২৫ চনৰ ভিতৰত আইচিএমআৰ আৰু ৰাষ্ট্ৰীয় পুষ্টি প্ৰতিষ্ঠান চমুকৈ এনআইএনে সম্পন্ন কৰে। দেশৰ ১৮৩খন জিলাৰ ৩৫খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ২ লাখৰো অধিক লোকক সামৰি লোৱা এই সমীক্ষাত ১.৭ লাখতকৈ অধিক তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল। ২৩ নৱেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰে।
সমীক্ষাৰ তথ্য অনুসৰি, ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ অসমৰ ৭৪ শতাংশ পুৰুষ ৰক্তহীনতাত আক্ৰান্ত। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ৪৪.৭ শতাংশ। অৰ্থাৎ জ্যেষ্ঠ পুৰুষৰ ৰক্তহীনতাৰ হাৰৰ দিশৰ পৰা অসমে দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে।
ৰাজ্যৰ মহিলাসকলৰ মাজতো এই স্বাস্থ্যজনিত সমস্যা অত্যন্ত উদ্বেগজনক হৈ পৰিছে। ২০ৰ পৰা ৫৯ বছৰ বয়সৰ গৰ্ভৱতী বা স্তন্যপান কৰাই নথকা মহিলাৰ ৭২.৮ শতাংশই ৰক্তহীনতাত ভুগিছে, য'ত ৰাষ্ট্ৰীয় গড় হৈছে ৫৪.৮ শতাংশ। এই ক্ষেত্ৰত ত্ৰিপুৰাৰ পাছতে অসমে দ্বিতীয় স্থানত আছে। আনহাতে, ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ প্ৰজননক্ষম মহিলাৰ মাজত ৰক্তহীনতাৰ হাৰ ৭১.৯ শতাংশ। এই দিশতো পশ্চিম বংগৰ পাছতে অসম দ্বিতীয় স্থানত আছে, যাৰ ৰাষ্ট্ৰীয় গড় ৫৫.৯ শতাংশ।
শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজতো এই সমস্যা ব্যাপক ৰূপত দেখা গৈছে। ৰাজ্যখনৰ ১০ৰ পৰা ১৯ বছৰ বয়সৰ ৩৭.৪ শতাংশ কিশোৰ ৰক্তহীনতাত আক্ৰান্ত, য'ত ৰাষ্ট্ৰীয় গড় ২২.৮ শতাংশ। একে বয়সৰ কিশোৰীৰ ক্ষেত্ৰত এই হাৰ ৫৮.৮ শতাংশ, যি ৰাষ্ট্ৰীয় গড় ৪৬.৩ শতাংশতকৈ যথেষ্ট বেছি। ইয়াৰ উপৰি ৫ৰ পৰা ৯ বছৰ বয়সৰ শিশুৰ মাজত ৰক্তহীনতাৰ হাৰ ৪৪.৯ শতাংশ হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় হৈছে ৩১.৩ শতাংশ।
এই সমীক্ষাটোৱে ৰক্তহীনতাৰ প্ৰকৃত কাৰণ সম্পৰ্কেও নতুন তথ্য দাঙি ধৰিছে। ৰক্তহীনতা মানেই যে কেৱল শৰীৰত লোৰ অভাৱ নহয়, সেই কথা সমীক্ষাটোৰ পৰা স্পষ্ট হৈছে। সমগ্ৰ দেশত প্ৰাপ্তবয়স্ক পুৰুষৰ ২২ শতাংশ ৰক্তহীনতাত আক্ৰান্ত হ'লেও মাত্ৰ ৩.৪ শতাংশৰহে লোৰ নাটনি ধৰা পৰিছে। ইয়াৰ বিপৰীতে প্ৰাপ্তবয়স্ক পুৰুষৰ ৬০.৪ শতাংশৰ মাজত ভিটামিন বি-১২ৰ অভাৱ পোৱা গৈছে।
গৱেষকসকলৰ মতে, পুষ্টিহীনতা আৰু লোৰ অভাৱৰ উপৰিও ভিটামিনৰ নাটনি, দীৰ্ঘদিনীয়া ৰোগ, সংক্ৰমণ আৰু বংশগত তেজৰ ৰোগৰ বাবেও ৰক্তহীনতা হ'ব পাৰে। সেয়েহে অসমৰ এই সমস্যাক কেৱল খাদ্যৰ নাটনি হিচাপে গণ্য নকৰি ইয়াৰ আঁৰৰ বিভিন্ন কাৰকৰ ওপৰত অধিক বৈজ্ঞানিক গৱেষণাৰ প্ৰয়োজন আহি পৰিছে।
উল্লেখ্য যে, ২০১৮ চনতে কেন্দ্ৰীয় চৰকাৰে ৰক্তহীনতা প্ৰতিৰোধৰ লক্ষ্যৰে ‘এনিমিয়া মুক্ত ভাৰত’ আঁচনি ৰূপায়ণ কৰিছিল। এই আঁচনিৰ অধীনত লো আৰু ফলিক এচিড যোগান, কৃমিনাশক ঔষধ বিতৰণ, পুষ্টিকৰ খাদ্য, তেজ পৰীক্ষা আৰু চিকিৎসাৰ লগতে মেলেৰিয়া আৰু বংশগত তেজৰ ৰোগৰ দৰে কাৰকসমূহৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে।