গুৱাহাটী, ২৮ নৱেম্বৰ: অসমত এনডিএ ৩.০ চৰকাৰৰ ২০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি, বিনিয়োগ, আন্তঃগাঁথনি উন্নয়ন আৰু নিৰাপত্তা ব্যৱস্থাৰ খতিয়ান দাঙি ধৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে সামাজিক মাধ্যমত এক বিস্তৃত বাৰ্তা প্ৰকাশ কৰি চৰকাৰৰ এই সময়ছোৱাৰ কাম-কাজ আৰু ভৱিষ্যৎ উন্নয়নৰ অগ্ৰাধিকাৰ সন্দৰ্ভত তেওঁ আলোকপাত কৰে। অসমৰ ৰাইজৰ আস্থা আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন ‘বিকশিত অসম’ গঢ়াৰ লক্ষ্যৰ কথা পুনৰ দোহাৰে।
মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰি কয় যে অৰুণোদয় ৩.০, নিযুত মইনা আৰু নিযুত বাবু আঁচনিয়ে ৰাজ্যৰ জনসাধাৰণক উপকৃত কৰিছে। ইয়াৰ লগতে শিক্ষাৰ্থীসকলক সহায় কৰা আৰু শৈক্ষিক ক্ষেত্ৰত উৎসাহিত কৰাৰ লক্ষ্যৰে স্কুটী বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰখাৰ লগতে উৎপাদন, প্ৰযুক্তি, উদ্যোগ আৰু উদ্যমিতাৰ জৰিয়তে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰাত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ জনায়।
উদ্যোগ আৰু বিনিয়োগৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জাগীৰোডত গঢ়ি উঠা ছেমিকণ্ডাক্টৰ উদ্যোগক বিশেষভাৱে উল্লেখ কৰে। ইয়াৰ উপৰি প্ৰস্তাৱিত প্ৰতিৰক্ষা উদ্যান, ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ উদ্যোগ আৰু যোৰহাট তথা শিলচৰত স্থাপন হ'বলগীয়া ডাটা চেণ্টাৰৰ বিষয়েও তেওঁ অৱগত কৰে। বৰাক উপত্যকাৰ যাতায়াত আৰু সংযোগ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে ডলু গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন আৰু গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্পক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে তেওঁ অভিহিত কৰে।
ৰাজ্যৰ পথ, দলং, স্বাস্থ্য, শিক্ষা আৰু বিদ্যুৎ খণ্ডৰ অগ্ৰগতিৰ কথাও মুখ্যমন্ত্ৰীৰ বাৰ্তাত স্থান পায়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত প্ৰস্তাৱিত প্ৰটন থেৰাপী কেন্দ্ৰ স্থাপনৰ বিষয়েও তেওঁ উল্লেখ কৰে। নিৰাপত্তাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ আধুনিকীকৰণৰ অংশ হিচাপে শেহতীয়াকৈ কাৰ্যক্ষম হোৱা ‘স্মাৰ্ট ৰেচপন্স ইউনিট’ৰ কথা দাঙি ধৰা হয়, য'ত বিশেষভাৱে প্ৰশিক্ষিত ‘আৰ্বান ইণ্টাৰভেনচন ইউনিট’ আৰু ‘জাংগল ইণ্টাৰভেনচন ইউনিট’ অন্তৰ্ভুক্ত কৰা হৈছে।
অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ, লাচিত বৰফুকন আৰু ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ অৱদানক সুঁৱৰি ৰাজ্যৰ ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে ‘খেল মহাৰণ’ৰ দৰে পদক্ষেপৰ কথাও তেওঁ স্মৰণ কৰে।
২০০ দিনৰ এই সময়ছোৱাক কেৱল এক আৰম্ভণি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে এনে এখন অসম গঢ়াৰ লক্ষ্য লৈছে য'ত পৰিয়ালসমূহে নিৰাপত্তা অনুভৱ কৰিব, শিশুসকলে উন্নত সুযোগ লাভ কৰিব আৰু যুৱপ্ৰজন্মই নিজৰ সপোন পূৰণৰ বাবে ৰাজ্যৰ ভিতৰতে সুযোগ বিচাৰি পাব।