তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিক প্ৰহাৰ কৰাৰ ঘটনাকলৈ তীব্ৰ চাঞ্চলয়্য সৃষ্টি ।

মাকুম,২৯ নৱেম্বৰ : বিতৰ্কই যেন লগ নেৰা হৈছে মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়। নিশা পুনৰ চিকিৎসা মহাবিদ্যালয় খনত এগৰাকী প্ৰসূতিক নাৰ্চে প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়। বৃষ্টিনা বৰা নামৰ এগৰাকী নাৰ্চে প্ৰসূতি গৰাকীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয়। প্ৰসূতি গৰাকীৰ স্বামীৰ অভিযোগ অনুসৰি, প্ৰসৱৰ বাবে ডুমডুমা চামদাং বৰগুৰি লাইনৰ এগৰাকী প্ৰসূতিয়ে স্বামীৰ সৈতে চিকিৎসা মহাবিদ্যালয় খনত ভৰ্তি হয় আৰু আজি প্ৰসৱৰ বাবে নাৰ্চ গৰাকীয়ে যোগাৰ কৰি থকাৰ সময়তে প্ৰসূতি গৰাকীক নাৰ্চগৰাকীয়ে প্ৰহাৰ কৰে বুলি অভিযোগ কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয় চৌহদত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ। পৰিস্থিতিৰ খবৰ পাই চিকিৎসালয় খনত তিনিচুকীয়া সদৰ আৰক্ষী দল উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। ৰোগীৰ সৈতে চিকিৎসালয়ৰ কৰ্মচাৰীৰ এনে আচৰণৰ অভিযোগে এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে চিকিৎসা মহলৰ লগতে সচেতন মহলত। বিশেষকৈ প্ৰসৱৰ দৰে অতি গুৰুত্বপূৰ্ণ সময়ত এগৰাকী প্ৰসূতিৰ সৈতে এনে ব্যৱহাৰৰ অভিযোগে চিকিৎসালয়ৰ সেৱা আৰু কৰ্মচাৰীৰ দায়বদ্ধতাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি প্ৰসূতিৰ স্বামীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে । ইফালে, ঘটনাটোৰ খবৰ পাই অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতি আৰু শুকানপুখুৰী আঞ্চলিক যুৱ সংঘৰ বিষয়ববীয়াসকল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনোৱাৰ লগতে অভিযোগ প্ৰমাণিত হ'লে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
ইয়াৰ উপৰি, উক্ত চিকিৎসা মহাবিদ্যালয়খনতে অন্য এগৰাকী প্ৰসূতিৰ কেঁচুৱা জন্ম হোৱাৰ পিছত কোনোবা এগৰাকী নাৰ্চে প্ৰসূতি গৰাকীৰ স্বামীৰ পৰা ১,৫০০ টকা বিচৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰসূতিৰ স্বামীয়ে। অভিযোগ অনুসৰি, প্ৰসূতি গৰাকীৰ স্বামীৰ তৰফৰ পৰা ৫০০ টকা প্ৰদান কৰাৰ পিছটো অতিৰিক্তভাৱে ১০০ টকা বিচৰা হৈছিল । এতিয়া সমগ্র ঘটনাৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।