পাটনা, ৪ নৱেম্বৰ, ২০২৬:

‘আমি চুৰি কৰোঁ, কিন্তু সেয়া দিল চুৰি, ভোট চুৰি নহয়।’ কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগক লৈ এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে বিহাৰৰ পাটনাত সাংবাদিকৰ সৈতে কথা পাতি ৰাহুল গান্ধীক কটাক্ষ কৰি তেওঁ কয় যে বিজেপিয়ে নিৰ্বাচনত ভোট চুৰি নকৰে, বৰং বিভিন্ন পদক্ষেপৰ জৰিয়তে জনসাধাৰণৰ হৃদয় জয় কৰে।

শেহতীয়াকৈ দেশৰ নিৰ্বাচনী ব্যৱস্থা, Electronic Voting Machines (EVM) আৰু ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SIR)ক লৈ ৰাহুল গান্ধীয়ে উত্থাপন কৰি অহা অভিযোগৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাহুল গান্ধীয়ে প্ৰতিটো নিৰ্বাচনত পৰাজয়ৰ পাছতে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰা বুলি দাবী কৰে শৰ্মাই। তেওঁৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সমৰ্থন লাভ কৰি আহিছে আৰু ইয়াক ভোট চুৰি বুলি অভিহিত কৰিব নোৱাৰি।

বুধবাৰে বিহাৰত বিজেপিৰ ‘লোকতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক পদযাত্ৰাত অংশগ্ৰহণৰ পাছত পাটনাত মন্তব্য অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ।

সেই সময়তে ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগৰ উত্তৰত তেওঁ কয়, ‘ৰাহুল গান্ধীক মই পৰামৰ্শ দিম যে তেওঁ এবাৰ বিজেপি কাৰ্যালয়ত এমাহৰ প্ৰশিক্ষণ লওক। তেতিয়াহে তেওঁ বুজিব যে আমি ভোট চুৰি নকৰোঁ, মানুহৰ হৃদয়হে জয় কৰোঁ।’

ৰাহুল গান্ধীক ‘নিৰ্বাচনত পৰাজয়ৰ আৰ্হি’ বুলি কটাক্ষ কৰি ‘দিল চুৰি’ৰ উদাহৰণ দাঙি ধৰি হিমন্ত বিশ্ব শৰ্মাই অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ আৰু সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপৰ প্ৰসংগ উল্লেখ কৰে। তেওঁৰ মতে, এই পদক্ষেপসমূহৰ জৰিয়তে বিজেপিয়ে জনসাধাৰণৰ মাজত সমৰ্থন লাভ কৰিছে।

ইয়াৰ উপৰি নৰেন্দ্ৰ মোদী চৰকাৰে অগ্নিবীৰসকলৰ চাকৰিৰ কাৰ্যকাল চাৰি বছৰৰ পৰা ছয় বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথাও উল্লেখ কৰে। বিজেপি নেতৃত্বাধীন NDA চৰকাৰ থকা ৰাজ্যসমূহত চাকৰি এৰি অহা অগ্নিবীৰসকলৰ বাবে আৰক্ষীৰ নিযুক্তিত সংৰক্ষণৰ ব্যৱস্থা কৰা বুলিও তেওঁ মন্তব্য কৰে।