২৯ নৱেম্বৰ , ২০২৬
ৰাজপথত অকলশৰীয়া মহিলাক ধৰ্ষণৰ অপচেষ্টা; ২৪ ঘন্টাৰ ভিতৰত মন্দিৰা আৰক্ষীৰ জালত অভিযুক্ত।
দক্ষিণ কামৰূপৰ ছমৰীয়াৰ ১ নং মালিবাৰীত এগৰাকী অকলশৰীয়া মহিলাক ৰাজপথত ধৰ্ষণৰ অপচেষ্টা চলোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই জঘন্য ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চপাৰ পাছতেই মন্দিৰা আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই ২৪ ঘন্টাৰ ভিতৰত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য অনুসৰি, ছমৰীয়াৰ ১ নং মালিবাৰীৰ কংগ্ৰেছ নেতা আব্দুল লতিফ আনছাৰীসহ মুঠ ৬ জন লোকৰ বিৰুদ্ধে মহিলাগৰাকীক ৰাজপথত ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। ঘটনাৰ পাছতে শাৰীৰিকভাৱে অসুস্থ হৈ পৰা ভুক্তভোগী মহিলাগৰাকীয়ে মন্দিৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় দাসে তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰি অভিযান চলায়। আৰক্ষীৰ অভিযানত যোৱা নিশা ঘটনাটোত জড়িত থকাৰ অভিযোগত আটাব আলী নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। আজি আৰক্ষীয়ে ধৃত আটাব আলীক আদালতত হাজিৰ কৰোৱাৰ পাছত জেল হাজোতলৈ প্ৰেৰণ কৰে।
ইফালে, গোচৰটোত নাম সাঙোৰ খাই পৰা আব্দুল লতিফ আনছাৰীকে ধৰি আন পাঁচজন অভিযুক্তক কৰায়ত্ত কৰিবলৈ মন্দিৰা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।