দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ সৰলাৰ‌সুঁতি চৰত ভয়ংকৰ মাৰপিটৰ ঘটনা। চৰ অঞ্চলৰ ভুমি বেদখল কৰাকলৈ দুটা ফৈদৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা।

মাৰপিটৰ ঘটনাত দুটা ফৈদৰ ২০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হব লগা হৈছে। ইয়াৰে এজনক অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি চিকিৎসকে জানিবলৈ দিছে।

ঘটনাৰ বিবৰনী মতে সৰলাসুঁতি চৰৰ লালচান আলী আৰু ছফিকুল ইছলামৰ পক্ষৰ মাজত দীৰ্ঘদিন ধৰি সৰলাসুঁতি চৰৰ ভূমিকলৈ সংঘাত চলি আছিল। আজি দুপৰীয়া সেই সংঘাতে চূৰান্ত ৰূপ ধাৰন কৰে আৰু দুটা পক্ষৰ মাজত সূত্ৰপাত হয় ভয়ংকৰ মাৰপিট। ইয়াৰ পিছতেই জোৰশিমুলী আৰক্ষী আৰু গৰৈমাৰী আৰক্ষীয়ে ঘটনাৰ তদন্ত সাপেক্ষে কেবাজনো লোকক তদন্তৰ বাবে আটক কৰিছে। এই মাৰপিটত গুৰুতৰভাৱে আহত হোৱা ছফিকুল ইছলামক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ অন্তত GMCH লৈ প্ৰেৰণ কৰে।

অভিযোগ অনুসৰি লালচান আলীৰ পক্ষই ছফিকুল ইছলামৰ পক্ষক মাৰপিট কৰিবলৈ পৰিকল্পিতভাৱে চোকা অস্ৰ সু-সজ্জিত কৰি ৰাখি ছফিকুল ইছলামৰ পক্ষক ভয়ংকৰভাৱে আক্ৰমণ চলোৱাৰ পিছত বিবাদী পক্ষই প্ৰত্যাক্ৰমণ চলাইছিল। ঘটনা সন্দৰ্ভত গৰৈমাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।