নতুন দিল্লী, ৫ নৱেম্বৰঃ শিখ সম্প্ৰদায়ৰ সুৰক্ষাক লৈ ২০২৩ চনত আমেৰিকাত দিয়া মন্তব্যৰ বাবে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে কয় যে নিৰ্বাচিত জনপ্ৰতিনিধিয়ে কোনো সম্প্ৰদায়ৰ অধিকাৰ আৰু উদ্বেগৰ বিষয় উত্থাপন কৰাৰ অধিকাৰ আছে। তেওঁৰ মতৰ সৈতে অসন্মতি প্ৰকাশ কৰাটো নিজে কোনো অপৰাধ নহয়।

ন্যায়াধীশ বিক্ৰম ডি চৌহানৰ বিচাৰপীঠে বৃহস্পতিবাৰে এই ৰায় প্ৰদান কৰে। আদালতৰ মতে, ৰাহুল গান্ধীৰ বক্তব্যই প্ৰথম দৃষ্টিত সমাজৰ এটা অংশৰ উদ্বেগ প্ৰকাশ কৰিছিল। ভাৰতত শিখ সম্প্ৰদায়ৰ মাজত নিৰাপত্তাহীনতাৰ পৰিৱেশ থকা বুলি তেওঁ মন্তব্য কৰাৰ লগতে শিখসকলে পাগুৰি পিন্ধা আৰু গুৰুদ্বাৰলৈ যোৱাৰ স্বাধীনতা থাকিব নে নাই, সেই প্ৰশ্নও উত্থাপন কৰিছিল।

আদালতে কয় যে সংবিধানৰ ১৯ নং অনুচ্ছেদে প্ৰদান কৰা বাক্‌স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰৰ অধীনত এনে বক্তব্য সুৰক্ষিত। কোনো বক্তব্যৰ সৈতে সমাজৰ এটা অংশ একমত নহ’ব পাৰে, কিন্তু কেৱল অসন্মতিৰ ভিত্তিত কোনো বক্তব্যক অপৰাধ বুলি গণ্য কৰিব নোৱাৰি। আদালতৰ মতে, মতৰ পাৰ্থক্য গণতন্ত্ৰৰ এক স্বাভাৱিক অংশ।

আবেদনকাৰীসকলে অভিযোগ কৰিছিল যে ২০২৩ চনত আমেৰিকা ভ্ৰমণৰ সময়ত শিখসকলৰ সুৰক্ষাক লৈ ৰাহুল গান্ধীয়ে দিয়া বক্তব্য উচটনিমূলক আছিল আৰু ভাৰতীয় ন্যায় সংহিতাৰ ১৫২ নং ধাৰাৰ অধীনত অপৰাধৰ পৰিসৰত পৰে। এই বক্তব্যক এগৰাকী বিচ্ছিন্নতাবাদী নেতাই সমৰ্থন কৰা বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে হিংসা উচটনি দিয়াৰ আশংকাও প্ৰকাশ কৰিছিল আবেদনকাৰীসকলে।

কিন্তু আদালতে পৰ্যবেক্ষণ কৰে যে কেৱল সন্দেহৰ ভিত্তিত কাৰোবাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলাব নোৱাৰি। ৰাহুল গান্ধীৰ বক্তব্যৰ ফলত হিংসা বা ৰাজহুৱা শৃংখলা বিঘ্নিত হোৱাৰ আশংকা প্ৰমাণ কৰিব পৰা কোনো তথ্য প্ৰথম দৃষ্টিত পোৱা নাই বুলিও আদালতে কয়।

আদালতে লগতে লক্ষ্য কৰে যে আবেদনকাৰীসকলে বক্তব্যটোৰ তাৰিখ, সময় আৰু স্থানৰ সঠিক তথ্য দিয়াৰ লগতে সম্পূৰ্ণ ভাষণৰ প্ৰতিলিপিও দাখিল কৰিব পৰা নাছিল। প্ৰায় দুবছৰীয়া আইনী প্ৰক্ৰিয়াৰ পাছতো বক্তব্যৰ ফলত দেশৰ সাৰ্বভৌমত্ব, একতা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি হোৱা কোনো কাৰ্য সংঘটিত হৈছিল বুলি প্ৰমাণ কৰিব পৰা নাই আবেদনকাৰীসকলে।

ইয়াৰ পূৰ্বে বাৰাণসীৰ দণ্ডাধীশ আদালত আৰু সত্ৰ ন্যায়ালয়েও ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছিল। সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আবেদনকাৰীসকলে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।