নতুন দিল্লী, ৪ নৱেম্বৰ, ২০২৬:
বাগেশ্বৰ ধামৰ পীঠাধীশ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে। ভগৱান শ্ৰীৰাম, শ্ৰীকৃষ্ণ আৰু মহাকুম্ভৰ সময়ত হোৱা মৃত্যুৰ ঘটনাক লৈ ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে কৰা বিভিন্ন মন্তব্যৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, ‘ধীৰেন্দ্ৰ শাস্ত্ৰী মূৰ্খ মানুহ। এনে মূৰ্খ ব্যক্তিক ধৰ্মগুৰু বুলি কোৱাটোৱেই ধৰ্মৰ অপমান।’
‘সনাতন ধৰ্ম আৰু দেৱ-দেৱতাক অপমান কৰিছে’
সঞ্জয় সিঙৰ অভিযোগ, ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে বাৰে বাৰে সনাতন ধৰ্ম, হিন্দু ধৰ্ম আৰু দেৱ-দেৱতাসকলক লৈ আপত্তিজনক মন্তব্য কৰি আহিছে। এনে ব্যক্তিক ধৰ্মগুৰু, মহাত্মা বা ধৰ্মীয় শাস্ত্ৰৰ জ্ঞান থকা ব্যক্তি বুলি প্ৰচাৰ কৰাটো উচিত নহয় বুলিও মন্তব্য কৰে আপ সাংসদগৰাকীয়ে।
শ্ৰীকৃষ্ণৰ ৰূপ আৰু ভংগিমাক লৈ বিতৰ্ক
শেহতীয়াকৈ মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ কৰেৰা অঞ্চলত অনুষ্ঠিত ৰামকথাৰ সময়ত ভগৱান শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰ তুলনা কৰি ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে কৰা মন্তব্যক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল।
ভিডিঅ’টোত শ্ৰীকৃষ্ণৰ ত্ৰিভংগ ভংগিমাক ‘তিনিটা স্থানত বেঁকা’ বুলি উল্লেখ কৰি শ্ৰীৰামৰ সৈতে তুলনা কৰা দেখা গৈছিল। লগতে বাঁহী বজোৱা আৰু ধনু ব্যৱহাৰৰ প্ৰসংগৰে কৰা মন্তব্যক লৈও কৃষ্ণভক্ত আৰু কেইবাগৰাকীও সন্তই আপত্তি প্ৰকাশ কৰিছিল।
বিতৰ্কৰ পাছত ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে ভিডিঅ’যোগে স্পষ্টীকৰণ দি ক্ষমা বিচাৰে। তেওঁ দাবী কৰে যে তেওঁৰ বক্তব্যৰ প্ৰসংগ ভুলকৈ ব্যাখ্যা কৰা হৈছে আৰু শ্ৰীকৃষ্ণক অপমান কৰাৰ কোনো উদ্দেশ্য তেওঁৰ নাছিল।
‘আন কোনোবাই এনে মন্তব্য কৰিলে বিজেপিয়ে কি কৰিলেহেঁতেন?’ প্ৰশ্ন আপ সাংসদগৰাকীৰ তেওঁৰ মতে, একে ধৰণৰ মন্তব্য যদি আন কোনো ব্যক্তিয়ে কৰিলেহেঁতেন, তেন্তে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলেহেঁতেন।
প্ৰভু শ্ৰীৰাম, ভগৱান শ্ৰীকৃষ্ণ আৰু সনাতন ধৰ্মক লৈ বিতৰ্কিত মন্তব্য উত্থাপন হোৱাৰ পাছতো বিজেপিয়ে কিয় নীৰৱতা অৱলম্বন কৰিছে, সেই প্ৰশ্ন সঞ্জয় সিঙৰ। ধীৰেন্দ্ৰ শাস্ত্ৰীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীয়ে নিজাববীয়াকৈ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি গোচৰ ৰুজু কৰিব লাগে বুলি দাবী জনায় সঞ্জয় সিঙে।