বেংগালুৰু, ৬ নৱেম্বৰঃ কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি এগৰাকী ৪৫ বছৰীয়া কেবচালকে নিজৰ পত্নীসহ পৰিয়ালৰ সাতজন সদস্যক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযুক্ত কেবচালকজনক শেকৰ ওৰফে ইণ্ডুশেকৰ বুলি চিনাক্ত কৰা হৈছে। নিয়মীয়া বাৰ্তাৰ প্ৰতিবেদন অনুসৰি, ৰাজাজী নগৰৰ ভাষ্যম চাৰ্কোলৰ সমীপত থকা নিজৰ বাসগৃহত দুদিন ধৰি এই হত্যাকাণ্ড সংঘটিত কৰিছিল শেকৰে। হত্যাৰ পিছত কেইবাটাও মৃতদেহ চিকাবল্লাপুৰ জিলাৰ বিভিন্ন স্থানত পেলাই দিয়াৰ অভিযোগ উঠিছে। ৰাজাজী নগৰ আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

হত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত আছে অভিযুক্তৰ পত্নী সুনীতা, শাহুৱেক ৰূপাৱতী, পত্নীৰ দুই ভাতৃ শিৱকুমাৰ আৰু শংকৰ, ৰূপাৱতীৰ দুই বোৱাৰী দিব্যা আৰু নলিনী, লগতে শিৱকুমাৰৰ সাত বছৰীয়া পুত্ৰ পুনীত।

প্ৰাথমিক তদন্ত অনুসৰি, প্ৰায় ২০ বছৰ পূৰ্বে শেকৰ আৰু সুনীতাৰ বিবাহ হৈছিল। কিন্তু শেহতীয়াকৈ দুয়োৰে মাজত পাৰিবাৰিক বিবাদ চলি আছিল। এই বিবাদত সুনীতাৰ পৰিয়ালৰ লোকে হস্তক্ষেপ কৰি তেওঁক সমৰ্থন জনাইছিল। পত্নীৰ পৰিয়ালে নিজৰ বৈবাহিক জীৱনত অত্যধিক হস্তক্ষেপ কৰা বুলি শেকৰে সন্দেহ কৰিছিল। ইয়াৰ পৰিণতিতে তেওঁ সমগ্ৰ পৰিয়ালটোক হত্যা কৰাৰ পৰিকল্পনা কৰা বুলি তদন্তত প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি, শেকৰে পৰিয়ালৰ সদস্যসকলক এজন এজনকৈ নিজৰ ঘৰলৈ মাতি আনিছিল। তাৰ পিছত মচলা বটা গধুৰ শিলেৰে মূৰত আঘাত কৰি তেওঁলোকক হত্যা কৰাৰ অভিযোগ উঠিছে। প্ৰথমে পত্নী সুনীতা আৰু তাৰ পিছত শাহুৱেক ৰূপাৱতীক হত্যা কৰা হৈছিল। পৰৱৰ্তী সময়ত ঘৰত পাৰ্টীৰ আয়োজন কৰাৰ অজুহাতেৰে পত্নীৰ দুই ভাতৃক মাতি আনি হত্যা কৰাৰ অভিযোগ উঠিছে। একেদৰে দিব্যা আৰু নলিনীকো হত্যা কৰা হৈছিল।

নলিনী সন্ধানহীন হোৱাৰ পিছত এই ঘটনা পোহৰলৈ আহে। নলিনীৰ মাতৃয়ে শ্ৰীৰামপুৰ থানাত সন্ধানহীনতাৰ অভিযোগ দাখিল কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে শেকৰৰ আচৰণত সন্দেহ প্ৰকাশ কৰি তেওঁক জিম্মাত লৈ সোধা-পোছা কৰে। আৰক্ষীৰ জেৰাত তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ইতিমধ্যে সাত বছৰীয়া পুনীতৰ মৃতদেহ চিকাবল্লাপুৰ জিলাৰ নন্দী হিলছৰ সমীপত উদ্ধাৰ হৈছে। বাকী মৃতদেহসমূহৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে।