মুম্বাই, ৬ নৱেম্বৰঃ বলীউডৰ অভিনেতা অমিতাভ বচ্চনৰ বাসগৃহ, বোম্বে উচ্চ ন্যায়ালয় আৰু মুম্বাইৰ মহালক্ষ্মী ৰেচক’ৰ্চত বোমা বিস্ফোৰণ ঘটোৱাৰ ভাবুকি প্ৰদান কৰি প্ৰেৰণ কৰা এটা ই-মেইলক লৈ শুকুৰবাৰে চাঞ্চল্যৰ সৃষ্টি হয়। ভাবুকিৰ পিছতে নিৰাপত্তা সংস্থাসমূহে তদন্ত আৰম্ভ কৰে। অৱশ্যে পিছত এই ভাবুকি ভুৱা বুলি নিশ্চিত কৰা হয়।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি, ই-মেইলটোত অমিতাভ বচ্চনৰ বাসগৃহ ‘জলছা’, বোম্বে উচ্চ ন্যায়ালয় আৰু মহালক্ষ্মী ৰেচক’ৰ্চ উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল।

উল্লেখ্য যে মহালক্ষ্মী ৰেচক’ৰ্চত এই মাহৰ শেষৰ ফালে জনপ্ৰিয় কণ্ঠশিল্পী দিলজিৎ দোছাঞ্জৰ এটা সংগীতানুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা। সেই অনুষ্ঠানস্থলীকো ভাবুকি দিয়াৰ পিছতে নিৰাপত্তাৰ দিশটোক লৈ বিশেষ তৎপৰতা আৰম্ভ হয়।

ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰাৰ পিছত সংশ্লিষ্ট স্থানসমূহৰ নিৰাপত্তা ব্যৱস্থা পৰীক্ষা কৰা হয়। নিৰাপত্তা সংস্থাসমূহে তদন্ত চলোৱাৰ পিছত ভাবুকিটো ভুৱা বুলি নিশ্চিত কৰে।