নতুন দিল্লী, ৬ নৱেম্বৰঃ ভাৰতীয় সংবিধান সৰ্বোচ্চ আৰু কোনো ব্যক্তি, প্ৰতিষ্ঠান বা ৰাজনৈতিক সংগঠন ইয়াৰ ঊৰ্ধ্বত নহয় বুলি স্পষ্ট কৰি কেৰালা কংগ্ৰেছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তক লক্ষ্য কৰি কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কৰা এটা সামাজিক মাধ্যমৰ পোষ্টক লৈ দলটোৰ ৰাজ্যিক শাখাৰ বিষয়ববীয়াসকললৈ আদালত অৱমাননাৰ জাননী জাৰি কৰিছে সৰ্বোচ্চ আদালতে।

শুকুৰবাৰে ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলীৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। শুনানিৰ সময়ত বিচাৰপীঠে কয় যে সংবিধান সৰ্বোচ্চ। কোনো ব্যক্তি, প্ৰতিষ্ঠান বা ৰাজনৈতিক সংগঠন সংবিধানৰ ঊৰ্ধ্বত নহয়।

আদালতে লগতে কয় যে ন্যায়পালিকাৰ স্বাধীনতা কোনো ৰাজনৈতিক সুবিধা বা অসুবিধাৰ ওপৰত নিৰ্ভৰশীল বিষয় নহয়। ই দেশৰ গণতন্ত্ৰ আৰু জনসাধাৰণৰ প্ৰতি সংবিধানে নিশ্চিত কৰা অধিকাৰ।

আদালতৰ নিৰ্দেশত উল্লেখ কৰা হৈছে যে আদালতৰ কৰ্তৃত্ব দুৰ্বল কৰাৰ যিকোনো প্ৰচেষ্টাক কঠোৰ হাতেৰে মোকাবিলা কৰিব লাগিব।

উল্লেখ্য যে দিল্লীত ‘ককৰোচ জনতা পাৰ্টি’ (CJP)ৰ প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ আচৰণৰ তদন্ত বিচাৰি দাখিল কৰা কেইবাখনো আবেদনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কৰা এটা মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মুখ্য ন্যায়াধীশক লক্ষ্য কৰি সামাজিক মাধ্যমত এটা পোষ্ট প্ৰকাশ কৰিছিল।

পোষ্টটোক লৈ বিতৰ্ক সৃষ্টি হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েচন আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তা-অন-ৰেকৰ্ড এছ’চিয়েচনে মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীক গৰিহণা দিছিল।

পৰৱৰ্তী সময়ত কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বিতৰ্কিত পোষ্টটো আঁতৰাই দিয়ে আৰু দলটোৰ নেতাসকলেও ক্ষমা বিচাৰে।