বঙাইগাঁও: বঙাইগাঁও ৰে'ল ষ্টেচনৰ সমীপত আৰক্ষীৰ অভিযানত চাৰিজন লোকক আটক কৰা হৈছে। লোককেইজন বাংলাদেশৰ নাগৰিক বুলি সন্দেহ কৰা হৈছে।

বঙাইগাঁও আৰক্ষী আৰু ৰে'ল আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই লোককেইজনক আটক কৰে। আটকাধীন লোককেইজনৰ নাম জুৱাইৰ, আলামিন হুছেইন, ছাট্টাৰ মিঞা আৰু ছালে আহমেদ বুলি জানিব পৰা গৈছে।

অৱশ্যে লোককেইজনৰ নাগৰিকত্বৰ আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই। তেওঁলোকৰ পৰিচয় আৰু আটক কৰাৰ আঁৰৰ কাৰণ সন্দৰ্ভতো আৰক্ষীৰ বিস্তৃত তথ্য প্ৰকাশ পোৱা নাই।