তিনিচুকীয়া: ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা প্ৰতিষ্ঠানৰ (এনআইঅ’এছ) পৰীক্ষাত ধনৰ বিনিময়ত নকল আৰু অন্যান্য অসৎ উপায় অৱলম্বন কৰাত সহায় কৰাৰ অভিযোগত তিনিচুকীয়াত বিদ্যালয়ৰ অধ্যক্ষসহ ৭জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ মতে, অভিযুক্তসকলে পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ আশ্বাস দি প্ৰাৰ্থীৰ পৰা ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ ধন সংগ্ৰহ কৰিছিল। ইয়াৰ বিনিময়ত পৰীক্ষাৰ্থীক নকল কৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে পৰীক্ষাৰ সময়ত বিভিন্ন ধৰণে সহায় কৰাৰ অভিযোগ উঠিছে।
বৃহস্পতিবাৰে পৰীক্ষা চলি থকাৰ সময়তে সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুৰুঞ্জয় বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ভাৱতী ভগৱান ডি ভি শিক্ষা নিকেতনত আকস্মিক অভিযান চলায়। এই অভিযানতে বিদ্যালয়খনৰ অধ্যক্ষ ৰাঘৱ প্ৰসাদ ৰায়সহ ৭জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
গ্ৰেপ্তাৰ হোৱা আন লোককেইজন হৈছে সুনীল কুমাৰ বাৰ্মা, অজিত জৈন, বিকি প্ৰসাদ, দীপু বৰ্মন, সুৰেশ গিৰি আৰু শুভনাথ ভগত।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। শুকুৰবাৰে আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ পিছত অধিক জেৰা আৰু তদন্তৰ বাবে আৰক্ষীৰ জিম্মালৈ নিয়া হয়।