দীপাৱলী উপলক্ষে ৯ নৱেম্বৰ, সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে। সেইদিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ লগতে বিত্তীয় প্ৰতিষ্ঠানসমূহো বন্ধ থাকিব।

এই সন্দৰ্ভত ৰাজ্যপালৰ নিৰ্দেশমৰ্মে সাধাৰণ প্ৰশাসন বিভাগে ইতিমধ্যে অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি, কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয় আৰু শিক্ষানুষ্ঠান এই বন্ধৰ আওতাত পৰিব।

আনহাতে, ৯ নৱেম্বৰত বিত্তীয় প্ৰতিষ্ঠানসমূহো বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। নেগ'চিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্ট, ১৮৮১ৰ ২৫নং ধাৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ১৯৫৭ চনৰ ৮ জুনত জাৰি কৰা অধিসূচনাৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, এইবাৰ ৮ নৱেম্বৰ, দেওবাৰে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হ'ব। উৎসৱৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পিছদিনা কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।