গুৱাহাটী: ৰাণীৰ উদয়পুৰত সোমবাৰে পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত ৰত্না কাকতি নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। তেওঁৰ লগত থকা শ্ৰীকান্ত বড়ো নামৰ যুৱকজনে পথৰ কাষৰ এটা কালভাৰ্টৰ তলত আশ্ৰয় লৈ কথমপি প্ৰাণ ৰক্ষা কৰে।
অসম-মেঘালয় সীমান্তৱৰ্তী উদয়পুৰৰ বাসিন্দা ৰত্না কাকতি আৰু শ্ৰীকান্ত বড়ো পুৱা খোজ কাঢ়িবলৈ ওলাইছিল। ওচৰৰ কৃষিভূমিত ধান খাই হাতীৰ এটা জাক বনাঞ্চললৈ উভতি যোৱাৰ সময়ত জাকটোৰ পৰা পিছ পৰি থকা এটা হাতীয়ে হঠাতে কাকতিক পথতে আক্ৰমণ কৰে।
ঘটনাটোৰ পাছত উদয়পুৰ আৰু সংলগ্ন অঞ্চলসমূহত আতংক সৃষ্টি হৈছে। জনবসতিপূৰ্ণ এলেকাত বনৰীয়া হাতীৰ চলাচলক লৈ স্থানীয় লোকসকল উদ্বিগ্ন হৈ পৰিছে।
ইফালে, গোৱালপাৰা জিলাৰ মাটিয়া অঞ্চলতো প্ৰায় ৪০টা বনৰীয়া হাতীৰ এটা জাকে কেইবাখনো গাঁৱত তাণ্ডৱ চলাইছে। খাদ্যৰ সন্ধানত আন্ধাৰৰ সুযোগ লৈ হাতীৰ জাকটো ৰতনপুৰ অঞ্চলত প্ৰৱেশ কৰি ঘৰ-বাৰী, কৃষিভূমি আৰু ঘৰুৱা বাগিচাৰ ক্ষতি কৰে।
স্থানীয় লোকৰ মতে, হাতীৰ জাকটোৱে বাকাইতাৰী, ৰতনপুৰ, নিগম আৰু সিধাবাৰী অঞ্চলত থিয় শালি ধানৰ খেতি, গছ-গছনি আৰু শাক-পাচলিৰ খেতি নষ্ট কৰিছে। হাতীৰ জাকটোৱে জনবসতিৰ মাজেৰে চলাচল কৰাত বহু লোকে ঘৰ এৰি সুৰক্ষিত স্থানলৈ আঁতৰি যাবলগীয়া হয়। কেইবাদিন ধৰি অঞ্চলটোত হাতীৰ উপদ্ৰৱ অব্যাহত আছে বুলি গাঁওবাসীয়ে জনাইছে।