গুৱাহাটী: বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অবৈধ ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰীগৰাকীক ‘ৰজাৰ দিনৰ টেকেলা’ৰ সৈতে তুলনা কৰে তেওঁ।

“জয়ন্ত মল্ল বিত্তমন্ত্ৰী মানে, অবৈধ ট্ৰাক ধৰি পইচা আনি দিয়া মন্ত্ৰী। ৰজাৰ দিনৰ টেকেলাৰ নিচিনা বিত্তমন্ত্ৰী আমাৰ জয়ন্ত মল্ল।”- অখিল গগৈ।

ইফালে, ৰাজ্যৰ বিভিন্ন সমস্যাক লৈ অকলেই যুঁজিবলগীয়া হোৱা বুলি আক্ষেপ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। বিধায়ক হোৱাৰ সিদ্ধান্তক লৈও এতিয়া চিন্তা কৰিবলৈ বাধ্য হৈছে বুলি তেওঁ কয়।

বানপানীকে ধৰি বিভিন্ন জনস্বাৰ্থজড়িত বিষয়ত প্ৰতিবাদ অব্যাহত ৰাখিবলগীয়া হোৱাত হতাশা প্ৰকাশ কৰে অখিল গগৈয়ে।

ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বুলি উল্লেখ কৰি প্ৰতিটো বিষয়তে অকলেই যুঁজিবলগীয়া হৈছে বুলিও ক্ষোভ প্ৰকাশ কৰে তেওঁ।