হাটশিঙিমাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি ২০২৭ চনৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। জিলা আয়ুক্ত পৰীক্ষিত থাউদামে খচৰা ভোটাৰ তালিকাখন মুকলি কৰি জিলাখনৰ ভোটাৰৰ শেহতীয়া তথ্য ৰাজহুৱা কৰে।

প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি, ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাখনৰ একমাত্ৰ বিধানসভা সমষ্টি মানকাচৰত মুঠ ভোটাৰৰ সংখ্যা ৩,১৩,৮৫৭ গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ১,৫৮,৯৩৯ গৰাকী, মহিলা ভোটাৰ ১,৫৪,৯১৪ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৪ গৰাকী।

২০২৬ চনৰ চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ২০২৭ চনৰ খচৰা ভোটাৰ তালিকাত জিলাখনত মুঠ ৩,৬২৪ গৰাকী নতুন ভোটাৰ বৃদ্ধি পাইছে।

জিলা আয়ুক্তগৰাকীয়ে জনোৱা মতে, খচৰা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, সংশোধন অথবা কোনো ওজৰ-আপত্তি থাকিলে নাগৰিকসকলে ১১ ডিচেম্বৰলৈ নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে আবেদন জনাব পাৰিব। সকলো দাবী আৰু আপত্তি নিষ্পত্তিৰ পাছত ২০২৭ চনৰ ৪ জানুৱাৰীত জিলাখনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব বুলি তেখেতে জনায়।