ক’হিমা, ১২ নৱেম্বৰ: নাগালেণ্ডৰ পাদদেশীয় অঞ্চলসমূহত বাণিজ্যিকভাৱে চন্দন খেতি কৰাৰ যথেষ্ট সম্ভাৱনা আছে। ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদ (ICFRE)ৰ বিজ্ঞানীৰ এটা দলে ৰাজ্যখনৰ মাটি আৰু জলবায়ুৰ পৰিস্থিতি পৰীক্ষা কৰি এই ইতিবাচক সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে।

নাগালেণ্ডৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ICFREৰ সহযোগত ৰাজ্যখনত চন্দন আৰু ৰঙা চন্দন (Red Sanders)ৰ বাণিজ্যিক খেতিৰ সম্ভাৱনা পৰীক্ষা কৰি আছে। এই সন্দৰ্ভত ১১ নৱেম্বৰত ক’হিমাৰ নাগালেণ্ড অসামৰিক সচিবালয়ত এখন সমন্বয়মূলক বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিজ্ঞানীৰ দলটোৱে তেওঁলোকৰ ক্ষেত্ৰভিত্তিক পৰীক্ষাৰ ফলাফল আৰু কাৰিকৰী মূল্যায়ন দাখিল কৰে।

উল্লেখযোগ্য যে, ১০ নৱেম্বৰত ICFREৰ বিভিন্ন প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ এটা দলে নাগালেণ্ডৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰিছিল। এই পৰিদৰ্শনৰ সময়ত চন্দন আৰু ৰঙা চন্দন গছৰ বৃদ্ধি, পূৰঠ গছত হৃদকাষ্ঠৰ বিকাশ তথা স্থানীয় মাটি আৰু জলবায়ুৰ উপযোগিতা পৰীক্ষা কৰা হয়।

এই গৱেষক দলটোত বেংগালুৰুৰ Institute of Wood Science and Technology (IWST), Institute of Forest Biodiversity (IFB) আৰু যোৰহাটৰ Rain Forest Research Institute (RFRI)ৰ বিজ্ঞানীসকল আছিল। দলটোত IFBৰ সঞ্চালক ড০ স্বপ্নেন্দু পট্টনায়ক, IWSTৰ বিজ্ঞানী ড০ বি এন দিবাকৰা, RFRIৰ বিজ্ঞানী ড০ সত্যম বৰদলৈ আৰু ড০ ৰাকেশ কুমাৰ প্ৰজাপতিয়ে অংশগ্ৰহণ কৰে।

বিজ্ঞানীসকলৰ মূল্যায়ন অনুসৰি, নাগালেণ্ডৰ পাদদেশীয় অঞ্চলসমূহত চন্দন খেতিৰ বাবে অনুকূল মাটি আৰু আৰ্দ্ৰতাৰ পৰিস্থিতি আছে। পূৰঠ চন্দন গছত হৃদকাষ্ঠৰ সন্তোষজনক বিকাশো পৰিলক্ষিত হৈছে। অসমৰ কাৰ্বি আংলঙৰ দাঁতিকাষৰীয়া অঞ্চলত কৰা গৱেষণাৰ তথ্যও এই মূল্যায়নৰ সমৰ্থনত উল্লেখ কৰা হয়।

অৱশ্যে বিজ্ঞানীসকলে স্পষ্ট কৰি দিছে যে চন্দন খেতিৰ সফলতাৰ বাবে বৈজ্ঞানিক পদ্ধতি অনুসৰণ কৰাটো অত্যন্ত জৰুৰী। উন্নত মানৰ পুলি, উপযুক্ত দূৰত্বত ৰোপণ আৰু উপযুক্ত আশ্ৰয়দাতা উদ্ভিদৰ ব্যৱস্থা কৰিব লাগিব। চন্দন এবিধ পৰজীৱী উদ্ভিদ হোৱা বাবে ইয়াৰ বৃদ্ধি আৰু জীয়াই থকাৰ ক্ষেত্ৰত আন উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। লগতে চন্দন গছ পূৰঠ হ’বলৈ দীৰ্ঘ সময়ৰ প্ৰয়োজন হোৱাৰ বাবে আন বাণিজ্যিক শস্যৰ বাবে অনুপযোগী ভূমিত ইয়াৰ খেতি কৰাৰ পৰামৰ্শ দিছে বিজ্ঞানীসকলে।

আনহাতে, ৰঙা চন্দনৰ ক্ষেত্ৰত নাগালেণ্ডৰ জলবায়ুত গছৰ শাৰীৰিক বৃদ্ধি সন্তোষজনক হ’লেও হৃদকাষ্ঠৰ বিকাশ যথেষ্ট লেহেমীয়া আৰু এতিয়াও বাণিজ্যিক মানত উপনীত হোৱা নাই বুলি বিজ্ঞানীসকলে জানিবলৈ দিয়ে। সেয়েহে কৃষকৰ মাজত ৰঙা চন্দনৰ খেতি সম্প্ৰসাৰণ কৰাৰ পূৰ্বে অধিক কাৰিকৰী গৱেষণাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি সাৱধানতা অৱলম্বনৰ পৰামৰ্শ দিছে তেওঁলোকে।

বৈঠকত অধ্যক্ষতা কৰি নাগালেণ্ডৰ প্ৰধান সচিব তথা উন্নয়ন আয়ুক্ত ৱাই কিখেটো ছেমাই চন্দন খেতিৰ বৈজ্ঞানিক পদ্ধতি সন্দৰ্ভত কৃষকৰ বাবে প্ৰশিক্ষণ আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বিভাগটোক নিৰ্দেশ দিয়ে। লগতে উপযুক্ত আঁচনি প্ৰস্তুত কৰা আৰু ৰাজ্যখনত চন্দন খেতি তথা বাণিজ্যৰ বাবে দীৰ্ঘম্যাদী নীতি প্ৰণয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে কফি, ৰবৰ, আগৰ আৰু চেগুনৰ দৰে গছৰ খেতিৰ সমান্তৰালভাৱে বাণিজ্যিক বৃক্ষৰোপণে গ্ৰাম্য কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনীতিলৈও অৱদান আগবঢ়াব পাৰে।

অৱশ্যে কৃষকসকলে চন্দন আৰু ৰঙা চন্দনৰ খেতিত নামি পৰাৰ পূৰ্বে ইয়াৰ বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা দীঘলীয়া সময়, বৈজ্ঞানিক পদ্ধতি আৰু সম্ভাৱ্য লাভৰ বিষয়ে ভালদৰে বুজি ল’ব লাগিব বুলি তেওঁ সকীয়াই দিয়ে। একে সময়তে ভুৱা প্ৰতিশ্ৰুতি দিয়া বাণিজ্যিক নাৰ্ছাৰীৰ পৰা সাৱধান থাকিবলৈ আৰু কেৱল উন্নত মানৰ, বৈজ্ঞানিকভাৱে পৰীক্ষিত পুলি সংগ্ৰহ কৰিবলৈ কৃষকসকলক আহ্বান জনায়।