ঢাকা, ১১ নৱেম্বৰ: ছুহেইল আহমদ ভাটৰ ৩৮ মিনিটৰ পেনাল্টি গ'ল আৰু গ'লৰক্ষক প্ৰিয়াংশ ডুবেৰ শেষ মুহূৰ্তৰ কেইবাটাও ৰক্ষণেৰে ভাৰতে মালদ্বীপক ১-০ গ'লত পৰাস্ত কৰি ছাফ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। বুধবাৰে ঢাকাৰ নেচনেল ষ্টেডিয়ামত গ্ৰুপ ‘বি’ৰ অন্তিম মেচখন অনুষ্ঠিত হয়।
বৰ্তমানৰ চেম্পিয়ন ভাৰত দলে গ্ৰুপ পৰ্যায়ত ৬ পইণ্টেৰে অভিযান সামৰিছে। পাকিস্তানৰ পইণ্ট ৩, আনহাতে এটাও পইণ্ট নোপোৱাকৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে মালদ্বীপ।
১৪ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ছেমিফাইনেলত ভাৰতে বাংলাদেশ, ভূটান অথবা শ্ৰীলংকাৰ মুখামুখি হ'ব। বুধবাৰে পিছত অনুষ্ঠিত হ'বলগীয়া বাংলাদেশ-শ্ৰীলংকাৰ গ্ৰুপ ‘এ’ৰ অন্তিম মেচৰ পাছত ভাৰতৰ প্ৰতিদ্বন্দ্বী নিশ্চিত হ'ব।
পাকিস্তানক ৩-২ গ'লত পৰাস্ত কৰা দলটোৰ তুলনাত মুখ্য প্ৰশিক্ষক নৌশাদ মুছাই সাতটা পৰিৱৰ্তন কৰে। অভিষেক সূৰ্যবংশী, মহম্মদ উৱাইছ, ছুহেইল আহমদ ভাট আৰু ৰিকী ছাবঙে দলত স্থান বজাই ৰাখে।
মেচৰ আৰম্ভণিতে ভাটৰ নিকটৱৰ্তী পোষ্টলৈ মৰা শ্বট মালদ্বীপৰ গ'লৰক্ষক হুছেইন শ্বৰীফে ৰক্ষা কৰে। পিছত আব্দুল ৰাবীহে হুছেইন ছিফাউ ইউছুফৰ পৰা বল কাঢ়ি নিয়াৰ পাছত পেনাল্টি বক্সৰ ভিতৰত ইউছুফে তেওঁক পেলাই দিয়াত ভাৰতে পেনাল্টি লাভ কৰে। ভাটে শ্বৰীফক ভুল দিশলৈ পঠিয়াই তলৰ বাওঁফালৰ কোণলৈ বল জালত সুমুৱাই দিয়ে। পাকিস্তানৰ বিৰুদ্ধে প্ৰথমাৰ্ধত দুটা গ'ল কৰাৰ পাছত প্ৰতিযোগিতাখনত ভাটৰ গ'লৰ সংখ্যা তিনিটালৈ বৃদ্ধি পায়।
৭৯ মিনিটত আলী হামধানৰ ফ্ৰী-কিক আৰু পাঁচ মিনিট পাছত মুজধান হাছানৰ শ্বট ডুবেই ৰক্ষা কৰে। সংযোজিত সময়ত ইথান ইব্ৰাহিম জাকিৰ ওচৰৰ পৰা মৰা শ্বট মুখেৰে বাধা দি ভাৰতৰ জয় নিশ্চিত কৰে গ'লৰক্ষকগৰাকীয়ে।