গোলাঘাট, ১৪ নৱেম্বৰ: কাজিৰঙাৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নগাঁৱৰ অসীম ফুকনৰ মৃতদেহ গোলাঘাট চিকিৎসালয়ত চিনাক্ত কৰে তেওঁৰ কন্যা আৰু জোঁৱায়েকে। পিতৃৰ নিথৰ দেহ দেখি কান্দোনত ভাগি পৰে কন্যা।

জানিব পৰা মতে, অসীম ফুকন দেৰগাঁৱত থকা জীয়েকৰ ঘৰলৈ আহিছিল। শনিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত নগাঁৱৰ নিজৰ ঘৰলৈ উভতি যাবলৈ ওলোৱাত কন্যাই তেওঁক এখন ট্ৰেভেলাৰত উঠাই দিছিল।

কিন্তু কাজিৰঙাত সংঘটিত পথ দুৰ্ঘটনাত সেই ট্ৰেভেলাৰখনেই তেওঁৰ শেষ যাত্ৰাৰ বাহনত পৰিণত হয়। দুৰ্ঘটনাৰ পাছৰে পৰা অসীম ফুকনৰ ম’বাইল ফোন বন্ধ হৈ আছিল।

পিতৃৰ সৈতে যোগাযোগ কৰিব নোৱাৰি পৰিয়ালৰ লোকে বোকাখাত আৰু যোৰহাটকে ধৰি বিভিন্ন স্থানত বিচাৰ-খোচাৰ আৰম্ভ কৰে। পাছত দেৰগাঁও আৰক্ষীৰ পৰাও সন্ধান আৰু চিনাক্তকৰণৰ বিষয়ে খবৰ লয়। দেৰগাঁও আৰক্ষীয়ে গোলাঘাট চিকিৎসালয়ত দুটা অভিভাৱকবিহীন মৃতদেহ থকাৰ কথা জনাই।

অৱশেষত গোলাঘাট চিকিৎসালয়ত অসীম ফুকনৰ মৃতদেহ চিনাক্ত কৰে জীয়েক আৰু জোঁৱায়েকে। পিতৃক হেৰুৱাই শোকত ভাগি পৰা কন্যাৰ কান্দোনে চিকিৎসালয়ৰ পৰিৱেশ শোকাকুল কৰি তোলে।

দেৰগাঁৱত কন্যাই নিজেই পিতৃক উঠাই থৈ আহিছিল নগাওঁৰ ঘৰলৈ বুলি। কেতিয়াও ভৱা নাছিল যে সেয়াই তেঁওৰ পিতৃৰ সৈতে শেষ দেখা। ট্ৰেভেলাৰখনেই এতিয়া দুৰ্ঘটনাত প্ৰাণ হেৰুৱা ২৬ টা মানুহৰ বাবে হৈ পৰিছে যম ৰথ। অভিশপ্ত ট্ৰেভেলাৰখনত থকা ৫ জনতকৈও অধিক লোক এতিয়াও অতি সংকটজনক অৱস্থাত আছে।