যোৰহাট, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাত আহতসকলৰ ভিতৰত ৭জনৰ অৱস্থা এতিয়াও সংকটজনক। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন এই ৭জনৰ ভিতৰত ৫জনক যান্ত্ৰিক ভেণ্টিলেটৰৰ সহায়ত ৰখা হৈছে।
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ মানৱজ্যোতি গোহাঁয়ে শনিবাৰে জনোৱা মতে, দুৰ্ঘটনাৰ পাছত মুঠ ২০জন আহতক চিকিৎসালয়খনলৈ অনা হৈছিল। ইয়াৰে তিনিজনে চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱাইছে। বৰ্তমান ১৭জন চিকিৎসাধীন হৈ আছে।
চিকিৎসাধীন ১৭জনৰ ভিতৰত ৭জন আই চি ইউত আছে আৰু তেওঁলোকৰ অৱস্থা অতি সংকটজনক। আন ১০জনক সাধাৰণ ৱাৰ্ডত চিকিৎসা প্ৰদান কৰি থকা হৈছে।
শনিবাৰে পুৱাই গুৱাহাটীৰ পৰা হৃদযন্ত্ৰ আৰু বক্ষ শল্যচিকিৎসা বিভাগৰ লগতে স্নায়ু শল্যচিকিৎসা বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয়। দলটোৱে আটাইকেইজন ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে।
অধীক্ষকগৰাকীয়ে জনোৱা মতে, গুৱাহাটীৰ পৰা অহা বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰদান কৰা চিকিৎসা ব্যৱস্থাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। মগজুত ৰক্তক্ষৰণ হোৱা ৰোগীসকলৰ বৰ্তমান অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা নাই যদিও তেওঁলোকক নিবিড় পৰ্যবেক্ষণত ৰখা হৈছে।
প্ৰয়োজন হ'লে অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিবলৈ চিকিৎসালয়খন সাজু আছে বুলি ডাঃ গোহাঁয়ে জানিবলৈ দিয়ে। ১৩ নৱেম্বৰত দুজন আৰু শনিবাৰে পুৱা আন এজন আহতই চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱায়। ফলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা আহতৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে।
ইফালে, এই দুৰ্ঘটনাত ২৬জন লোকৰ মৃত্যুৰ ঘটনাত শোক প্ৰকাশ কৰি শনিবাৰে নগাঁও ট্ৰেভেলাৰ ইউনিয়নে এদিনৰ বাবে সেৱা বন্ধ ৰাখে। এম পি ট্ৰেভেলছৰ সৈতে জড়িত আব্দুল মজিদ আৰু প্ৰতিষ্ঠানটোৰ হেণ্ডিমেন সুভাষ দাসৰ মৃত্যুত শোক প্ৰকাশ কৰিও সংগঠনটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।