ৰঙাজান, কাজিৰঙা: যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত নিহত ২৬গৰাকী লোকৰ মৰণোত্তৰ পৰীক্ষা শনিবাৰে সম্পন্ন কৰা হয়।

ইয়াৰে ২৩টা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা গোলাঘাট অসামৰিক চিকিৎসালয়ত সম্পন্ন হয়। আন তিনিটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰা হয়।

দুৰ্ঘটনাটোৰ ভয়াবহতা আৰু একেলগে বৃহৎ সংখ্যক লোকৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত মৰণোত্তৰ পৰীক্ষাৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

এই উদ্দেশ্যে গুৱাহাটীৰ পৰা অতিৰিক্ত চিকিৎসকৰ এটা দল গোলাঘাটলৈ অনা হৈছিল। দলটোৱে স্থানীয় চিকিৎসকসকলৰ সৈতে মিলি মৰণোত্তৰ পৰীক্ষাৰ কাম সম্পন্ন কৰে। ঘটনাটোৱে সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ সৃষ্টি কৰিছে।