গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিগৰাকী কন্যাৰ মৃত্যু হৈছে। নিহত তিনিগৰাকী হৈছে জ্যোতি মাঝি, দৰ্পণা মাঝি আৰু লক্ষ্মী মাঝি।

জ্যোতি মাঝি আৰু দৰ্পণা মাঝিয়ে দুৰ্ঘটনাস্থলীতে প্ৰাণ হেৰুৱাইছিল। গুৰুতৰভাৱে আহত লক্ষ্মী মাঝিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। লক্ষ্মী মাঝি দুই ভগ্নীৰ বৰদেউতাকৰ জীয়ৰী আছিল।

তিনিওগৰাকী কন্যাৰ শেষকৃত্য আজি একেলগে সম্পন্ন কৰা হ'ব। একেটা পৰিয়ালৰ তিনিগৰাকী কন্যাৰ মৃত্যুত আত্মীয়-স্বজন শোকত ভাগি পৰিছে।

শুকুৰবাৰে সংঘটিত এই দুৰ্ঘটনাত বৰ্তমানলৈকে ২৬গৰাকী লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহতসকলৰ চিকিৎসা অব্যাহত আছে।

আহতসকলক প্ৰথমে কঁহৰা আদৰ্শ চিকিৎসালয় আৰু বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পাছত উন্নত চিকিৎসাৰ বাবে তেওঁলোকক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান চিকিৎসালয়খনত ১৭গৰাকী আহত লোক চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে এগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।