বিশ্বনাথ, ১৪ নৱেম্বৰ: বিশ্বনাথ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত ঐতিহাসিক উমাটুমনি নদীদ্বীপলৈ নিৰ্মাণাধীন ৰ'পৱে প্ৰকল্প অহা এপ্ৰিল মাহত জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে বিশ্বনাথ ঘাটত উপস্থিত হৈ ৰ'পৱে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰিদৰ্শন কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে। দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ জিলা ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।

প্ৰায় ৫৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণাধীন ৰ'পৱে প্ৰকল্পটোৰ দৈৰ্ঘ্য ৪৪৬ মিটাৰ। প্ৰকল্পটো সম্পূৰ্ণ হ'লে বিশ্বনাথ ঘাটৰ পৰা উমাটুমনি দ্বীপলৈ যাতায়াত অধিক সহজ হ'ব। ইয়াৰ ফলত অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন মাত্ৰা সংযোজিত হোৱাৰ লগতে পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

ইফালে, বিশ্বনাথ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অনুমোদনৰ বাবে অহা জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে আবেদন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জনায়।

জিলাখনৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰাৰ লক্ষ্যৰে বিশ্বনাথত আন্তঃৰাজ্যিক বাছ আস্থান নিৰ্মাণৰ সম্ভাৱনাৰ কথাও তেওঁ উল্লেখ কৰে। চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে বিশ্বনাথত যিকোনো সময়তে এনে বাছ আস্থান নিৰ্মাণ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।