জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে এইবেলি পঞ্জীয়নৰ ৬৯সংখ্যক বৰ্ষ উদ্যাপন কৰিছে। লগতে সমিতিখনৰ দুগ্ধ প্ৰকল্প প্ৰতিষ্ঠাৰ গৌৰৱোজ্জ্বল নৱম বৰ্ষও চলি আছে।
শিশু দিৱস আৰু সীতাজখলাৰ এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি সমিতিখনৰ পৃষ্ঠপোষকতাত পঞ্চমখন মইনা পাৰিজাত উদ্বোধন কৰা হয়। বৰখাল অনুসূচিত জাতি মইনা পাৰিজাতৰ শুভ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উপস্থিত বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে শ্ৰেণীকোঠাও মুকলি কৰে। তেওঁলোকে মইনা পাৰিজাতৰ শিশুসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ দিয়ে।
দেশৰ ভৱিষ্যৎ শিশুসকলৰ শাৰীৰিক, মানসিক, শৈক্ষিক আৰু সাংস্কৃতিক আদি দিশত উৎকৰ্ষ সাধনৰ লক্ষ্যৰে সমিতিখনে লোৱা পদক্ষেপক উপস্থিত সকলোৱে শলাগ লয়।