আজাৰা: ৰাষ্ট্ৰীয় নিৰাপত্তা কেৱল দেশৰ সীমান্ত সুৰক্ষাৰ বিষয় নহয়; আভ্যন্তৰীণ স্থিতিশীলতা, সামাজিক সম্প্ৰীতি আৰু নাগৰিকৰ সামূহিক অংশগ্ৰহণৰ ওপৰতো ই নিৰ্ভৰশীল বুলি মন্তব্য কৰে গজৰাজ ক'ৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল নীৰজ শুক্লাই।

শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিশেষ বক্তৃতানুষ্ঠানত ‘উত্তৰ-পূব ভাৰতৰ বিশেষ প্ৰসংগেৰে ৰাষ্ট্ৰীয় নিৰাপত্তা অনুধাৱন’ শীৰ্ষক বিষয়ত ভাষণ দি এভিএছএম, এছএম সন্মানপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে এই কথা কয়। ৰাষ্ট্ৰীয় নিৰাপত্তা সশস্ত্ৰ বাহিনীৰ একক দায়িত্ব নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, শান্তিপূৰ্ণ, স্থিতিশীল আৰু সমৃদ্ধিশালী দেশ গঢ়াত প্ৰতিগৰাকী নাগৰিকৰ ভূমিকা আছে।

ৰাষ্ট্ৰীয় ঐক্য আৰু সামাজিক সংহতিৰ গুৰুত্বৰ কথা উল্লেখ কৰি লেফটেনেণ্ট জেনেৰেল শুক্লাই কয় যে, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্য পূৰণৰ বাবে এই দুয়োটা দিশ অপৰিহাৰ্য। সামৰিক প্ৰস্তুতিৰ উপৰি অৰ্থনৈতিক উন্নয়ন, সামাজিক সম্প্ৰীতি আৰু সামূহিক দায়বদ্ধতাকো দেশৰ নিৰাপত্তাৰ বহল দৃষ্টিভংগীৰ অংশ হিচাপে চাব লাগিব বুলি তেওঁ কয়।

শিক্ষাৰ্থীসকলক উদ্দেশ্যি তেওঁ কয় যে, দেশপ্ৰেম কেৱল সীমান্তত কৰ্তব্যৰত সশস্ত্ৰ বাহিনীৰ সদস্যসকলৰ ত্যাগ আৰু নিষ্ঠাতেই প্ৰকাশ নাপায়; ৰাষ্ট্ৰ গঠনৰ বাবে নাগৰিকৰ দৈনন্দিন অৱদানতো ই প্ৰতিফলিত হয়। যুৱসমাজক ভাৰতৰ পৰিচয়, সভ্যতাগত ঐতিহ্য আৰু সাফল্যক লৈ গৌৰৱবোধ কৰিবলৈ আহ্বান জনাই তেওঁ শৃংখলা, নিষ্ঠা আৰু দায়বদ্ধতাৰে দেশৰ প্ৰগতিত অংশ লোৱাৰ আহ্বান জনায়।

অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উত্তৰ-পূবৰ সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্য তথা ভাৰতৰ ৰাষ্ট্ৰীয় পৰিচয়ত অঞ্চলটোৰ অবিচ্ছেদ্য ভূমিকা সম্পৰ্কে আলোকপাত কৰে। অঞ্চলটোৰ বিভিন্ন সম্প্ৰদায়, ভাষা আৰু পৰম্পৰা একে আত্মীয়তাবোধ আৰু ৰাষ্ট্ৰীয় চেতনাৰে সংযুক্ত বুলি তেওঁ কয়। ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাই ৰচনা কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীতৰ প্ৰসংগ উত্থাপন কৰি উপাচাৰ্যগৰাকীয়ে কয় যে, ইয়াত অঞ্চলটোৰ বৈচিত্ৰ্য আৰু ঐক্যৰ চেতনা প্ৰতিফলিত হৈছে। ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰাৰ বাবে পাৰস্পৰিক সন্মান, সাংস্কৃতিক বুজাবুজি আৰু সামাজিক সম্প্ৰীতি অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ উল্লেখ কৰে।