মণিপুৰ আৰক্ষীয়ে পৃথক অভিযান চলাই নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত তিনিজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰিছে। ধন দাবীৰ অভিযোগত ১২ আৰু ১৩ নৱেম্বৰত এই অভিযানসমূহ চলোৱা হয়।
আৰক্ষীৰ তথ্য অনুসৰি, ১২ নৱেম্বৰত বিষ্ণুপুৰ জিলাৰ চিডিঅ’ আৰু বিশেষ বাহিনীৰ যৌথ অভিযানত কাংলেইপাক কমিউনিষ্ট পাৰ্টী-অপুনবাৰ ২৮ বছৰীয়া সদস্য ঙাংগোম ইবোমচা সিং ওৰফে হাৰৌকক ইৰেংবাম মামাং মাখা লেইকাইৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
তেওঁৰ স্বীকাৰোক্তি আৰু তদন্তৰ সূত্ৰ ধৰি একেটা সংগঠনৰ ৪১ বছৰীয়া সদস্য কনজেংবাম কুমাৰজিত সিং ওৰফে ঙাকপাকক নাম্বোলৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। দুয়োৰে বিৰুদ্ধে ধন দাবীৰ সৈতে জড়িত থকাৰ অভিযোগ আছে।
ইফালে, ১৩ নৱেম্বৰত ইম্ফল পূব জিলাত চলোৱা পৃথক অভিযানত ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট-পাম্বেইৰ ৪৭ বছৰীয়া সদস্য থিংবাইজাম নাওবি সিং ওৰফে য়াইমাকক গ্ৰেপ্তাৰ কৰা হয়। পৰোমপাট আৰক্ষী থানাৰ অন্তৰ্গত ৱাংখেই আয়াংপল্লী পথৰ পৰা তেওঁক আটক কৰা হয়।
আৰক্ষীৰ অভিযোগ অনুসৰি, নাওবি সিঙে চৰকাৰী কাৰ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি ধন দাবী কৰিছিল। তেওঁৰ পৰা এখন টিভিএছ জুপিটাৰ স্কুটাৰ আৰু ১০ হাজাৰ টকা জব্দ কৰা হৈছে।
একে সময়ছোৱাতে ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ অভিযানত ৪৮ বছৰীয়া ম্যানমাৰৰ নাগৰিক ছ’ইতুনৌক আটক কৰা হয়। সীমান্তৰ ৭৫ নম্বৰ সীমাস্তম্ভৰ সমীপত তিনিটা একে-৪৭ ৰাইফল, ১৭২ জাঁই গুলী, তিনিটা গ্ৰেনেডসহ কেইবাবিধো সামৰিক সামগ্ৰী উদ্ধাৰ কৰা হয়। অভিযানৰ সময়ত আন দুজন লোক ম্যানমাৰলৈ পলাই যাবলৈ সক্ষম হয়।