পাঠশালা, ১৫ নৱেম্বৰ: এটিএমৰ পৰা ওলাল ৫০০ টকীয়া জাল নোট, বেংকত জমা ধন সুৰক্ষিত নহয় নেকি? বজালী জিলাৰ পাঠশালাৰ মাজমজিয়াত থকা ইউনিয়ন বেংকৰ এটা এটিএমৰ পৰা ৫০০ টকীয়া জাল নোট ওলোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাটোক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

পাঠশালাৰ কুকুৱা বাটাবাৰীৰ বাসিন্দা অতুল পাটগিৰিয়ে বেংকটোৰ এটিএমৰ পৰা ধন উলিওৱাৰ সময়ত জাল নোটখন লাভ কৰা বুলি অভিযোগ কৰিছে। তেওঁৰ দাবী অনুসৰি, এটিএমৰ পৰা উলিওৱা ধনৰ মাজতে ৫০০ টকীয়া নোটখন আছিল, ?যিখন ভুৱা বুলি গম পোৱা গৈছে।পাঠশালাৰ মাজমজিয়াত থকা ইউনিয়ন বেংকৰ ATMৰ পৰা ৫০০ টকীয়া জাল নোট ওলোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি

ঘটনাটোৰ উচিত তদন্ত কৰি প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবী জনাইছে পাটগিৰিয়ে। বেংকত নিজৰ সাঁচতীয়া ধন জমা ৰখাৰ পাছতো গ্ৰাহকৰ ধনৰ সুৰক্ষা নিশ্চিত নে নহয় বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰিছে।

অৱশ্যে, নোটখন জাল হয় নে নহয়, সেয়া কোনো কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। এই সন্দৰ্ভত ইউনিয়ন বেংকৰ কোনো প্ৰতিক্ৰিয়াও উপলব্ধ হোৱা নাই।