নতুন দিল্লী, ১৫ নৱেম্বৰ: তিনি বছৰৰো অধিক সময়ৰ বিৰতিৰ পাছত ভাৰত ভ্ৰমণলৈ আহিব পাকিস্তানৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী। পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয় মন্ত্ৰী মুছাদ্দিক মাছুদ মালিকক নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ মঞ্চত দেশখনক প্ৰতিনিধিত্ব কৰিবলৈ মনোনীত কৰিছে পাকিস্তান চৰকাৰে।
২০ৰ পৰা ২২ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব ছাংহাই সহযোগিতা সংস্থাৰ প্ৰথমখন ‘চিভিলাইজেচনেল ডায়লগ ফ’ৰাম’। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শনিবাৰে এই মনোনয়নৰ কথা ঘোষণা কৰে।
মন্ত্ৰালয়ৰ মতে, এই মঞ্চত সংস্থাটোৰ সদস্য দেশসমূহৰ প্ৰতিনিধিসকলে সভ্যতাসমূহৰ মাজত সংলাপ আৰু সাংস্কৃতিক বুজাবুজি বৃদ্ধিৰ বিষয়ত মত বিনিময় কৰিব।
পাৰস্পৰিক সন্মানৰ ভিত্তিত সভ্যতাসমূহৰ মাজত আলোচনা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বাবে পাকিস্তান প্ৰতিশ্ৰুতিবদ্ধ বুলি দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিবৃতিত জনায়।
২০২৩ চনৰ মে’ মাহত পাকিস্তানৰ তদানীন্তন বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো জৰ্দাৰীয়ে গোৱাত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল। তেওঁৰ পাছত ভাৰতলৈ অহা পাকিস্তানৰ প্ৰথমজন মন্ত্ৰী হ’ব মুছাদ্দিক মালিক।
ভাৰত আৰু পাকিস্তানৰ মাজত ২০২৫ চনৰ মে’ মাহত হোৱা সামৰিক সংঘাতৰ পাছত দুয়োখন দেশৰ সম্পৰ্ক অধিক অৱনতি ঘটিছিল। এনে পৰিস্থিতিত সংস্থাটোৰ মঞ্চত পাকিস্তানৰ মন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণক কূটনৈতিক দিশৰ পৰা তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।
২০২৬-২৭ বৰ্ষৰ বাবে ছাংহাই সহযোগিতা সংস্থাৰ পৰৱৰ্তী সন্মিলন আয়োজনৰ দায়িত্ব পাকিস্তানৰ হাতত আছে। ২০২৭ চনৰ আগষ্ট মাহত ইছলামাবাদত সংস্থাটোৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হোৱাৰ কথা।