মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশ্বজুৰি স্থগিতাদেশ জাৰি কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত উত্থাপিত প্ৰস্তাৱৰ বিৰোধিতা কৰিছে ভাৰতে। মৃত্যুদণ্ডৰ বিৰুদ্ধে কোনো আন্তঃৰাষ্ট্ৰীয় ঐকমত্য গঢ়ি উঠা নাই বুলি উল্লেখ কৰি ভাৰতে কয় যে, প্ৰতিখন সাৰ্বভৌম ৰাষ্ট্ৰৰ নিজা আইন আৰু শাস্তি নিৰ্ধাৰণৰ অধিকাৰ আছে।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ তৃতীয় সমিতিত শুকুৰবাৰে প্ৰস্তাৱটো গৃহীত হয়। ভোটদানত ১৩৩খন দেশে প্ৰস্তাৱৰ সমৰ্থন কৰাৰ বিপৰীতে ৩৩খন দেশে বিৰোধিতা কৰে আৰু ১৬খন দেশে ভোটদানৰ পৰা বিৰত থাকে। ভাৰতেও প্ৰস্তাৱৰ বিপক্ষে ভোট দিয়ে।
২০১৬, ২০১৮ আৰু ২০২৪ চনৰ পূৰ্বৰ অধিৱেশনসমূহতো ভাৰতে একে স্থিতি গ্ৰহণ কৰিছিল। আমেৰিকায়ো এই প্ৰস্তাৱৰ বিপক্ষে ভোট দিয়ে। আনহাতে, ফ্ৰান্সে প্ৰস্তাৱটো গৃহীত হোৱাক মৃত্যুদণ্ডৰ সাৰ্বজনীন বিলোপৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি আদৰণি জনায়।
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি দলৰ প্ৰথম সচিব ভাবিকা মংগলানন্দনে কয় যে, আন্তঃৰাষ্ট্ৰীয় নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় চুক্তিৰ ষষ্ঠ অনুচ্ছেদত নিৰ্দিষ্ট চৰ্তৰ অধীনত মৃত্যুদণ্ডৰ ব্যৱস্থা স্বীকাৰ কৰা হৈছে। কঠোৰ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰাৰ পাছতহে ভাৰতত মৃত্যুদণ্ড প্ৰদান কৰা হয় বুলিও তেওঁ উল্লেখ কৰে।
মৃত্যুদণ্ডক ‘ৰাষ্ট্ৰৰ দ্বাৰা সংঘটিত মৃত্যু’ বুলি অভিহিত কৰাটো উচিত নহয়। ভাৰতত কেৱল অতি বিৰলতম গোচৰতহে এই শাস্তি প্ৰদান কৰা হয় বুলি ভাবিকা মংগলানন্দনে জনায়।
অভিযুক্তক নিৰ্দোষ বুলি ধৰি লোৱা, উচ্চতৰ আদালতৰ বাধ্যতামূলক অনুমোদন আৰু শাস্তি নিৰ্ধাৰণৰ সময়ত লাঘৱকাৰী পৰিস্থিতি বিবেচনাৰ দৰে সুৰক্ষামূলক ব্যৱস্থা ভাৰতত আছে বুলিও তেওঁ কয়।
আনহাতে, ৰাষ্ট্ৰসংঘৰ আন এখন প্ৰস্তাৱত মৃত্যুদণ্ডক নিৰ্যাতন আৰু অমানৱীয় ব্যৱহাৰৰ সৈতে সম্পৰ্কিত কৰা ভাষাৰো বিৰোধিতা কৰে ভাৰতে। অৱশ্যে, বেআইনী আৰু স্বেচ্ছাচাৰী হত্যাকাণ্ড নিৰ্মূল কৰাৰ লক্ষ্যৰে উত্থাপিত বহল প্ৰস্তাৱটোক নতুন দিল্লীয়ে সমৰ্থন কৰে।