মিয়ামি, ১৫ নৱেম্বৰ: আমেৰিকাৰ মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত টেক্সিৱেত চলাচল কৰি থকা অৱস্থাত ইউপিএছৰ এখন কাৰ্গো বিমান আৰু কোপা এয়াৰলাইনছৰ এখন যাত্ৰীবাহী বিমানৰ মাজত সংঘৰ্ষ সংঘটিত হৈছে। শনিবাৰে নিশা হোৱা এই ঘটনাত দুজন লোক সামান্য আহত হয়।
স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯ বাজি ১৫ মিনিটত বিমানবন্দৰখনৰ দুটা টেক্সিৱেৰ সংযোগস্থলীত সংঘৰ্ষটো হয়। আমেৰিকাৰ ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেচনে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
কোপা এয়াৰলাইনছৰ ব'য়িং ৭৩৭ বিমানখনৰ সন্মুখভাগত ইউপিএছৰ ব'য়িং ৭৬৭ কাৰ্গো বিমানখনৰ আগভাগত খুন্দা লাগে। পানামা চিটিৰ পৰা মিয়ামিত উপস্থিত হোৱাৰ পাছত কোপাৰ বিমানখন নিৰ্ধাৰিত গেটৰ দিশে গৈ আছিল।
ইফালে, ইউপিএছৰ কাৰ্গো বিমানখনে কলম্বিয়াৰ ৰাজধানী বোগোটালৈ উৰা মৰাৰ প্ৰস্তুতি চলাই আছিল।
ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেচনে জনোৱা অনুসৰি, বিমান চলাচল নিয়ন্ত্ৰণ বিভাগে ইউপিএছৰ পাইলটসকলক কোপা এয়াৰলাইনছৰ বিমানখনক বাট এৰি দিবলৈ নিৰ্দেশ দিছিল। কিন্তু টেক্সিৱেৰ সংযোগস্থলীত দুয়োখন বিমানৰ সংঘৰ্ষ ঘটে।
ঘটনাৰ পাছত বিমান চলাচল নিয়ন্ত্ৰণ বিভাগ আৰু পাইলটসকলৰ মাজত হোৱা কথোপকথনৰ অডিঅ' ৰেকৰ্ডিং পোহৰলৈ আহিছে। কোপা এয়াৰলাইনছৰ এজন পাইলটে সংঘৰ্ষৰ কথা জনোৱাৰ পাছত ইউপিএছৰ পাইলটেও নিজৰ বিমানখন নিৰ্ধাৰিত স্থানতকৈ আগবাঢ়ি যোৱাৰ কথা স্বীকাৰ কৰে।
আহত দুয়োজনকে ঘটনাস্থলীতে প্ৰাথমিক চিকিৎসা দিয়া হয়। তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ প্ৰয়োজন হোৱা নাছিল বুলি বিষয়াসকলে জনাইছে। ঘটনাটোৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত অব্যাহত আছে।