কেচা চাহপাত কঢ়িওৱা গাড়ী তালাচী:

কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাৰ পাছত সষ্টম ডিগবৈ আৰক্ষী। তীব্ৰ বেগী কেচা চাহপাত কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। ডিগবৈ চহৰৰ মাজেদি যোৱা কেচা চাহপাত গাড়ীৰ প্ৰয়োজনীয় নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে চালকৰ বৈধ অনুজ্ঞাপত্ৰ নিৰীক্ষণ কৰিছে। কেচা চাহপাত কঢ়িওৱা গাড়ীৰ লগতে আন যান বাহন সমুহো তালাচী চলাইছে আৰক্ষীয়ে। উল্লেখ‌্য যে ডিগবৈ চহৰৰ মাজেদি যোৱা কেচা চাহপাত কঢ়িওৱা সৰু ডাঙৰ গাড়ী সমুহ তীব্ৰ বেগত চলাচল কৰাত পথাচাৰীৰ সমস্যা হয়। এনে তীব্ৰবেগী গাড়ীৰ বাবে বহুতো দুৰ্ঘটনাও সংঘটিত হৈ গৈছে।

কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে সষ্টম হৈ পৰিছে ডিগবৈ আৰক্ষী। চহৰখনৰ মাজেৰে তীব্ৰ বেগত চলাচল কৰা কেঁচা চাহপাত কঢ়িওৱা বাহনৰ বিৰুদ্ধে আৰম্ভ কৰিছে তালাচী অভিযান।

আজিৰ পৰা কেঁচা চাহপাত কঢ়িওৱা প্ৰতিখন বাহন পৰীক্ষা কৰিছে আৰক্ষীয়ে। অভিযানত বাহনসমূহৰ প্ৰয়োজনীয় নথি-পত্ৰ আৰু চালকৰ বৈধ অনুজ্ঞাপত্ৰ নিৰীক্ষণ কৰাৰ লগতে আন যান-বাহনতো তালাচী চলোৱা হৈছে।

উল্লেখ্য যে, ডিগবৈ চহৰৰ মাজেৰে তীব্ৰ বেগত চলাচল কৰা কেঁচা চাহপাত কঢ়িওৱা সৰু-বৰ বাহনৰ বাবে দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে পথচাৰী। এনে বাহনৰ বাবে পূৰ্বেও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।