নতুন দিল্লী, ১৬ নৱেম্বৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ প্ৰথমখন আত্মজীৱনীমূলক গ্ৰন্থ ‘বিলঙিং : এ জাৰ্নি অৱ লাভ’ৰ উন্মোচনী অনুষ্ঠান সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হয়। অনুষ্ঠানত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগতে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কেইবাগৰাকীও নেতা একত্ৰিত হয়।
অনুষ্ঠানত ছোনিয়া গান্ধীৰ পুত্ৰ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী উপস্থিত থাকে। তামিলনাডুৰ মুখ্যমন্ত্ৰী চি বিজয়, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙেও অংশগ্ৰহণ কৰে।
১০ নৱেম্বৰত বজাৰত উপলব্ধ হোৱা গ্ৰন্থখনত ছোনিয়া গান্ধীয়ে নিজৰ ব্যক্তিগত জীৱন, পৰিয়ালৰ সৈতে জড়িত স্মৃতি আৰু ভাৰতীয় ৰাজনীতিৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনাৰ অভিজ্ঞতা লিপিবদ্ধ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ দৰে ব্যক্তিগত শোকাৱহ ঘটনাৰ কথাও গ্ৰন্থখনত স্থান পাইছে।
গ্ৰন্থখনৰ প্ৰতি পাঠকৰ সঁহাৰিত অভিভূত হৈছে বুলি ছোনিয়া গান্ধীয়ে প্ৰকাশ কৰে। কিছুমান সমালোচনা কঠোৰ হ’লেও আন কিছুমান আন্তৰিক বুলি উল্লেখ কৰি তেওঁ সমালোচনাকো গ্ৰহণযোগ্য বুলি কয়।
প্ৰকাশক হাৰ্পাৰকলিন্সৰ মতে, ‘বিলঙিং : এ জাৰ্নি অৱ লাভ’ ভাৰতত তেওঁলোকৰ সৰ্বাধিক দ্ৰুতগতিত বিক্ৰী হোৱা গ্ৰন্থ।