নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি নিৰ্বাচন আয়োগৰ ভূমিকা আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াক লৈ ৪৮টা প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই। এই প্ৰশ্নসমূহৰ উত্তৰ নিৰ্বাচন আয়োগৰ পৰা বিচৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ অনুমতি বিচাৰি আবেদন দাখিল কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীসহ বিৰোধী নেতাসকলে।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি, আবেদনকাৰীসকলে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, আন দুগৰাকী নিৰ্বাচন আয়ুক্ত আৰু আয়োগৰ তথ্য-প্ৰযুক্তি বিভাগৰ সঞ্চালক প্ৰধানৰ পৰা পৃথকে পৃথকে শপতনামাৰ জৰিয়তে উত্তৰ বিচাৰিছে।

কংগ্ৰেছে অভিযোগ কৰিছে যে নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত SIRক লৈ উত্থাপিত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰ দিয়া নাই। বিৰোধীৰ দাবী, দেশজুৰি SIR কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত কোনে লৈছিল, কেতিয়া লৈছিল আৰু এই সিদ্ধান্তৰ আঁৰত কি প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছিল, সেই বিষয়ে স্পষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই।

আবেদনখনত নিৰ্বাচন আয়ুক্তসকলৰ মাজত SIR, ECINET, Form 6 আৰু আপীল দাখিলৰ বিষয়ত মতানৈক্য বা আপত্তি উত্থাপন হৈছিল নেকি, সেই বিষয়েও জানিব বিচৰা হৈছে। সিদ্ধান্তসমূহ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছিল নে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত, তাৰ নথি-পত্ৰ আৰু বৈঠকৰ কাৰ্যবিৱৰণী প্ৰকাশৰো দাবী জনোৱা হৈছে।

ইয়াৰ উপৰি পশ্চিমবংগত নিৰ্বাচনী তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে দাখিল কৰা আপীল, Form 7-ৰ জৰিয়তে দাখিল কৰা আপত্তি আৰু অনলাইন Form 6 আবেদনত অতিৰিক্ত ঘোষণা সংযোজনৰ সিদ্ধান্ত সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰা হৈছে।

SIR-ৰ পূৰ্বৰ, খচৰা আৰু চূড়ান্ত ভোটাৰ তালিকাৰ মাজত কিমানগৰাকী ভোটাৰৰ নাম বাদ পৰিল, তাৰ ৰাজ্যভিত্তিক আৰু লিংগভিত্তিক তথ্যও বিচাৰিছে আবেদনকাৰীসকলে।

উল্লেখ্য যে, নিৰ্বাচনী তালিকাৰ সংশোধন আৰু নিৰ্বাচন আয়োগৰ ভিতৰত মতানৈক্যৰ অভিযোগক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে এই আবেদন দাখিল কৰা হৈছে। প্ৰতিবেদন অনুসৰি, বিষয়টো ১৭ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে।