শ্ৰীনগৰ, ১৫ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ কুলগামত চি আৰ পি এফৰ জোৱানৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদীৰ সন্ধানত বৃহৎ অভিযান আৰম্ভ কৰিছে নিৰাপত্তা বাহিনীয়ে। জম্মু-কাশ্মীৰ আৰক্ষী, ভাৰতীয় সেনা আৰু চি আৰ পি এফে যুটীয়াভাৱে এই অভিযান চলাইছে।
কুলগামৰ মীৰবজাৰ আৰু ইয়াৰ আশে-পাশে থকা কেইবাখনো গাঁও ঘেৰি নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান নলিন পাৰৱতী আৰু কাশ্মীৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সুজিত কুমাৰে অভিযানটো নিজে তদাৰক কৰিছে।
বুধবাৰে অঞ্চলটোত চি আৰ পি এফৰ এটা দলৰ ওপৰত হোৱা আক্ৰমণত তিনিজন জোৱান আহত হৈছিল। ঘটনাৰ পিছতে অভিযান তীব্ৰতৰ কৰি ৫০০ৰো অধিক লোকক আটক কৰি সোধা-পোছা কৰা হৈছিল।
এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, সোধা-পোছাৰ পিছত আটাইকেইজনকে মুকলি কৰি দিয়া হৈছে। আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত কোনো লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি আৰক্ষীয়ে স্পষ্ট কৰিছে।
আৰক্ষীৰ মতে, আক্ৰমণকাৰীৰ লক্ষ্য আছিল চি আৰ পি এফৰ জোৱানৰ অস্ত্ৰ কাঢ়ি নিয়া। চি চি টি ভি ফুটেজত আক্ৰমণকাৰীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰা আৰু প্ৰত্যুত্তৰৰ সন্মুখীন হৈ পলায়ন কৰা দৃশ্য দেখা গৈছে। বিগত চাৰিদিন ধৰি অঞ্চলটোত কেইবাটাও তালাচী অভিযান চলোৱা হৈছে। এজন সন্দেহযুক্ত অভিযুক্তৰ ডিজিটেল তথ্য লাভ কৰা হৈছে আৰু তেওঁক বিচাৰি অভিযান অব্যাহত আছে বুলি আৰক্ষীয়ে জনাইছে।