গুৱাহাটী, ১৬ নৱেম্বৰ:
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে দিৱসটো উদযাপন কৰা হয়। এই উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেশ্যনৰ সহযোগত দ্বিতীয় বাৰ্ষিক আন্তঃসংবাদ মাধ্যম কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক-সাহিত্যিক তথা ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী। তেওঁ কুইজ প্ৰতিযোগিতাখন উদ্বোধন কৰাৰ লগতে এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বিষয় ‘Journalism: Populist or Responsible’ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে।
নিজৰ বক্তব্যত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে সাংবাদিকতাত প্ৰশ্ন কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, “বৰ্তমান সময়ত প্ৰশ্ন কৰাটো অত্যন্ত দৰকাৰী হৈ পৰিছে। কাৰণ সাংবাদিকে যদি প্ৰশ্ন নকৰে বা প্ৰশ্ন কৰিবলৈ নিশিকে, তেন্তে সাংবাদিকতাৰ লগতে সভ্যতাও আগ নাবাঢ়িব। প্ৰশ্ন কৰিছে বাবেই আজিৰ সভ্যতা আগবাঢ়িছে।”
দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ভূমিকাক লৈও তেওঁ মন্তব্য কৰে। তেওঁৰ মতে, বৰ্তমান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তুলনাত আঞ্চলিক সংবাদ মাধ্যম এতিয়াও যথেষ্ট স্বাধীন আৰু শক্তিশালী হৈ আছে। লগতে গুৱাহাটী প্ৰেছ ক্লাবে শেহতীয়াকৈ গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ প্ৰশংসা কৰি বিষয়ববীয়াসকলক শুভেচ্ছা জ্ঞাপন কৰে।
আনহাতে, কুইজ পৰিচালক দীপাংকৰ কৌশিকৰ পৰিচালনাত অনুষ্ঠিত প্ৰতিযোগিতাত মুঠ ৯টা দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত আকাশবাণী গুৱাহাটীৰ অংকুৰজ্যোতি শৰ্মা আৰু ঝৰণা ভৰালীৰ দলটোৱে প্ৰথম স্থান লাভ কৰে। প্ৰতিদিন টাইমৰ দিব্যেন্দু চক্ৰৱৰ্তী, মানসী দত্ত আৰু পংকজ বৰাৰ দলে দ্বিতীয় স্থান আৰু নিউজ১৮ অসম নৰ্থইষ্টৰ শুভম গোস্বামী, মৃদুপৱন বৰা আৰু দীপাংকৰ দত্তৰ দলে তৃতীয় স্থান লাভ কৰে।
চতুৰ্থ স্থান লাভ কৰে আকাশবাণী গুৱাহাটীৰ ইন্দ্ৰজিৎ দাস, নিভাৰাণী ৰয় আৰু দেৱাশিস ৰাজকুমাৰৰ দলে। পঞ্চম স্থানত থাকে প্ৰাগ নিউজৰ ৰাজকমল চাংকাকতি আৰু দীপাংকৰ শইকীয়াৰ দল। ষষ্ঠ স্থান লাভ কৰে ইণ্ডিয়া টুডে এন ইৰ সুনীল বৰা আৰু বিজয় কাননৰ দলে।
বঁটা বিতৰণী অনুষ্ঠানত পি আই বিৰ উত্তৰ-পূবৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপা শংকৰ যাদৱ, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, ইশান নিউজৰ মুখ্য সম্পাদক সুশীল কুমাৰ পাটোৱাৰী আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই।
উল্লেখ্য যে, প্ৰতিযোগিতাৰ সকলো পুৰস্কাৰৰ ধন ইনলি ফাউণ্ডেশ্যনে আগবঢ়ায়। আগন্তুক বছৰতো গুৱাহাটী প্ৰেছ ক্লাবে অনুষ্ঠিত কৰিবলগীয়া আন্তঃসংবাদ মাধ্যম কুইজ প্ৰতিযোগিতাত সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিষ্ঠানটোৱে ঘোষণা কৰে।