নামাক্কাল, ১৮ নৱেম্বৰ: বাৰ্ড ফ্লুৰ প্ৰভাৱত তামিলনাডুৰ নামাক্কালৰ কণী উদ্যোগত গভীৰ সংকটৰ সৃষ্টি হৈছে। ভাৰতৰ অন্যতম বৃহৎ পোল্ট্ৰী উৎপাদন কেন্দ্ৰ হিচাপে পৰিচিত নামাক্কালৰ পৰা কণী আমদানিৰ অৰ্ডাৰ বাতিল কৰিছে কেইবাখনো দেশৰ আমদানিকাৰীয়ে।
সংযুক্ত আৰব আমিৰশ্বাহী, ওমান আৰু দক্ষিণ আফ্ৰিকাৰ আমদানিকাৰীয়ে পূৰ্বে দিয়া কণীৰ অৰ্ডাৰ বাতিল কৰিছে। নামাক্কালত বাৰ্ড ফ্লু বিয়পি পৰাৰ খবৰ ওলোৱাৰ পাছতে বিভিন্ন দেশে অঞ্চলটোৰ পৰা কণী আমদানি কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে।
ইয়াৰ ফলত কণী ৰপ্তানি ব্যৱসায়ত ব্যাপক প্ৰভাৱ পৰিছে আৰু স্থানীয় পোল্ট্ৰী ব্যৱসায়ীসকলৰ বাবে উৎপাদন ব্যয় উলিওৱাটোও কঠিন হৈ পৰিছে।
প্ৰায় ছমাহ পূৰ্বে নামাক্কালৰ পৰা প্ৰতিমাহে প্ৰায় ২৫ কোটি কণী বিদেশলৈ ৰপ্তানি কৰা হৈছিল। হৰমুজ প্ৰণালীৰ সমস্যাৰ ফলত ৰপ্তানিৰ পৰিমাণ কমি ১৫ কোটি কণী হৈছিল। বৰ্তমান এই পৰিমাণো আধাতকৈ কম হৈছে বুলি প্ৰকাশ পাইছে।
নামাক্কালত এহাজাৰৰো অধিক পোল্ট্ৰী ফাৰ্ম আছে। এই ফাৰ্মসমূহৰ পৰা দৈনিক প্ৰায় ৬ কোটি কণী উৎপাদন হয়। শীতকালত কেক প্ৰস্তুত কৰাৰ বাবে কণীৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে ৰপ্তানি হ্ৰাস পোৱাত ব্যৱসায়ীসকলৰ উদ্বেগ বাঢ়িছে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পোল্ট্ৰী ফাৰ্মসমূহ বীজাণুমুক্ত কৰা, বাহিৰৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰা আৰু মুৰ্গীৰ খাদ্য আগতীয়াকৈ বীজাণুমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ব্যৱসায়ীসকলে।