ডুলীয়াজান, ১৭ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ ডুলীয়াজানত একেটা পৰিয়ালৰ তিনিজন সদস্যক হত্যা কৰাৰ ঘটনাত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা দুজন হৈছে ৰাজু দাস আৰু অমৃত দাস।

আৰক্ষীৰ দাবী অনুসৰি, জেৰাৰ সময়ত দুয়োজনে হত্যাকাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। অভিযুক্ত দুজনৰ পৰা সোণৰ অলংকাৰ আৰু নগদ ধনো উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, মৰাণ আৰক্ষীয়ে ৰে'ল আৰক্ষীৰ সহযোগত শিমলুগুৰি ৰে'ল ষ্টেচনৰ পৰা দুয়োকে আটক কৰে। অভিযোগ অনুসৰি, অৱধ অসম এক্সপ্ৰেছযোগে কলকাতালৈ পলায়নৰ চেষ্টা চলোৱাৰ সময়তে তেওঁলোকক আটক কৰা হৈছিল।

আটকৰ পাছত দুয়োকে মৰাণ আৰক্ষী থানালৈ লৈ যোৱা হয়। তাত তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে। অৱশ্যে, স্বীকাৰোক্তিৰ দাবী আৰু ঘটনাৰ সম্পূৰ্ণ সত্যতা তদন্তৰ জৰিয়তে নিশ্চিত হ'বলৈ এতিয়াও বাকী আছে।

উল্লেখ্য যে, ডুলীয়াজানৰ কমলাবাৰী অঞ্চলৰ বাসিন্দা চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকা ভূঞাৰ মৃতদেহ সোমবাৰে, ১৬ নৱেম্বৰত পৰিয়ালটোৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছিল।

প্ৰাথমিক তদন্তত ৰাজু দাস আৰক্ষীৰ সন্দেহৰ আৱৰ্তলৈ আহিছিল। তেওঁ পৰিয়ালটোৰ ঘৰত এটা কোঠা ভাড়াত লৈ আছিল বুলি জানিব পৰা গৈছে। মৃতদেহ উদ্ধাৰৰ দিনাৰ পৰাই তেওঁৰ ম'বাইল ফোন বন্ধ হৈ থকাৰ কথাও তদন্তত পোহৰলৈ আহিছিল।

সোণৰ অলংকাৰ আৰু নগদ ধন উদ্ধাৰ হোৱাৰ পাছত ধন-সম্পত্তি লুটৰ উদ্দেশ্যেৰে হত্যাকাণ্ড সংঘটিত কৰা হৈছিল নেকি, সেই সন্দেহ ঘনীভূত হৈছে। অৱশ্যে, হত্যাকাণ্ডৰ প্ৰকৃত উদ্দেশ্য এতিয়াও নিশ্চিত হোৱা নাই বুলি আৰক্ষীয়ে জনাইছে।