হাওৰাঘাট,খগেশ্বৰ দাস,১৩ নৱেম্বৰ: হোজাইৰ এগৰাকী বিশিষ্ট তথা ভাৰতীয় পুনৰ্বাসন পৰিষদ (RCI)-ৰ পঞ্জীয়নভুক্ত বিশেষ শিক্ষাবিদ জয়ন্ত চৌধুৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত তেওঁ আয়ুষ্মান ভাৰত–প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PMJAY) আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY)-ৰ দৰে জনকল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে দুখীয়া তথা দিব্যাংগ লোকসকলক আৰ্থিক সুৰক্ষা আৰু বাসস্থান প্ৰদান কৰাৰ বাবে চৰকাৰক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।