কাৰ্বি আংলং, ১৭ নৱেম্বৰ: কাৰ্বি আংলং জিলাৰ লাংভোকুত মঙলবাৰে অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰ্বি আংলঙৰ গ্ৰেণ্ড ছিলভাৰ জুবিলী উদযাপনৰ অংশ হিচাপে এই আধাৰশিলা স্থাপন কাৰ্যসূচী অনুষ্ঠিত হয়।
প্ৰস্তাৱিত সৈনিক স্কুলখন নিৰ্মাণৰ বাবে মুঠ ৩৩৬ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে। এই ধনৰাশি প্ৰতিৰক্ষা মন্ত্ৰালয়ে আগবঢ়াব। ৰাজ্যৰ লোকনিৰ্মাণ বিভাগে বিদ্যালয়খনৰ নিৰ্মাণকাৰ্য সম্পন্ন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়।
প্ৰায় ৪৪ হাজাৰ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ হ'বলগীয়া শিক্ষানুষ্ঠানখনৰ কাম ৩০ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিদ্যালয়খনত ৬৪০গৰাকী শিক্ষাৰ্থী তথা কেডেটৰ থকাৰ ব্যৱস্থা থাকিব।
আধুনিক সা-সুবিধাসম্পন্ন এই সৈনিক স্কুলখনত শিক্ষাৰ্থীসকলক সামৰিক বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱাৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়াৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে। সাধাৰণ শিক্ষাৰ লগতে অনুশাসন, শাৰীৰিক সক্ষমতা আৰু নেতৃত্বৰ গুণ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হ'ব। ইয়াৰ ফলত কাৰ্বি আংলং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ শিক্ষাৰ্থীসকলে সৈনিক স্কুলত অধ্যয়নৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে।